ভাৰতীয় বেটছমেন কে এল ৰাহুল (KL Rahul)ৰ শেহতীয়াকৈ জাৰ্মানীত হাৰ্নিয়া (hernia)ৰ অস্ত্ৰোপচাৰ কৰা হৈছে। জুন মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলাত ৰাহুলে টিম ইণ্ডিয়াক নেতৃত্ব দিব বুলি আশা কৰা হৈছিল যদিও আঘাতৰ বাবে তেওঁ খেলিব নোৱাৰিলে। নেতৃত্বৰ দায়িত্ব চম্ভালিছিল ঋষভ পণ্টে (Rishabh Pant)। কে এল ৰাহুলে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা আৰু ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচতো অংশগ্ৰহণ কৰিব নোৱাৰিলে।
ৰাহুলে তেওঁৰ অনুৰাগীসকলক আপডেট কৰিবলৈ নিজৰ ইনষ্টাগ্ৰামত কয় যে অস্ত্ৰোপচাৰ সফল হৈছে আৰু তেওঁলোকৰ বাৰ্তা আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ জনায়। তেওঁ লিখিছে, “নমস্কাৰ সকলোকে। দুসপ্তাহমান কঠিনভাৱে পাৰ হ’ল, কিন্তু অস্ত্ৰোপচাৰটো সফল হ’ল৷ মই আৰোগ্য হৈ উঠিছোঁ আৰু সুস্থ হৈ উঠিছোঁ। মোৰ আৰোগ্যৰ পথ আৰম্ভ হৈছে। আপোনালোকৰ বাৰ্তা আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ। সোনকালেই আপোনালোকক লগ পাম."
ক্লিভলেণ্ড ক্লিনিকৰ মতে, নামটো যদিও একে স্প’ৰ্টছ হাৰ্নিয়া (sports hernia)আচলতে হাৰ্নিয়া নহয়। এই অৱস্থাৰ চিকিৎসা শব্দটো হ’ল এথলেটিক পিউবালজিয়া (athletic pubalgia)। লক্ষণসমূহ স্প’ৰ্টছ হাৰ্নিয়াৰ পৰা হোৱা বিষ আৰু চাপৰ দৰেই, যিটো পুনৰাবৃত্তিমূলক আৰু পেলভিছ (pelvis)ত জোৰকৈ হেঁচা পৰাৰ ফলত হয়। স্প’ৰ্টছ হাৰ্নিয়া শাৰীৰিক চিকিৎসা, ঔষধ বা অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা কৰিব পৰা যায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|