দেশৰ লুপ্ত হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহ বিকাশ কৰাৰ এক প্লেটফৰ্ম হৈছে খেলো ইণ্ডিয়া। খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ জৰিয়তে বিশ্ব এথলেটিক চেম্পিয়নশ্বিপ, এছিয়ান গেমছৰ দৰে প্ৰতিযোগিতাত পদক জয় লাভ কৰিবলৈ সক্ষম হৈছিল অসমৰ দৌৰৰাণী হীমা দাসে। প্ৰথমবাৰৰ বাবে তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ অনুষ্টিত হ’ব গুৱাহাটীত। তাৰে বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰ আৰু ক্ৰীড়া বিভাগে।
২০২০ বৰ্ষৰ ১০ ৰ পৰা ২২ জানুৱাৰীলৈ হ’বলগীয়া চেম্পিয়নশ্বিপখনৰ শনিবাৰে সৰুসজাই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত শুভাৰম্ভণি ঘটোৱা এই গেমছৰ। শুভাৰম্ভণি অনুষ্ঠানত খেলো ইণ্ডিয়াৰ থিম ছঙৰ লগতে ল'গ’, জাৰ্ছী আৰু মেচকট মুকলি কৰা হয়।
এই অনুষ্টানত উপষ্টিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এছিয়ান গেমছত পদক বিজয়ী হীমা দাস, স্বপ্না দেৱবৰ্মন, বক্সাৰ লাভলীনা বৰগোঁহাইৰ লগতে ক্ৰীড়া বিভাগ আৰু ৰাজ্য চৰকাৰৰ কেইবাজনো শীৰ্ষ বিষয়ববীয়া।
![]()
খেলো ইণ্ডিয়া মেচকটত থাকিব জয়া আৰু বিজয়। জয়া হৈছে হৰিণ আৰু বিজয় হৈছে বেংগল টাইগাৰ। লগতে প্ৰতীক চিহ্নত আছে বিহু, গঁড়, ৰংঘৰ আৰু লাচিত। থিম ছং পৰিৱেশন কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীৰ লগতে তিনি খেলুৱৈয়ে মুকলি কৰে খেলো ইণ্ডিয়াৰ জাৰ্ছী।
গুৱাহাটীত হ’বলগীয়া তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়াত ৩৬খন ৰাজ্যৰ ৮০০০ হাজাৰ খেলুৱৈ আৰু ২০০০ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰিব। ২০টা ইভেণ্টৰ খেলৰ ভিতৰত পদক লাভ কৰা খেলুৱৈক নগদ ধনেৰে পুৰস্কৃত কৰিব ৰাজ্য চৰকাৰে। সেই অনুসৰি, স্বৰ্ণ লাভ কৰা খেলুৱৈয়ে এক লাখ টকা, ৰূপ লাভ কৰা খেলুৱৈয়ে ৭৫ হাজাৰ আৰু ব্ৰঞ্জ লাভ কৰিলে ৫০ হাজাৰ টকাৰে পুৰস্কৃত কৰিব ৰাজ্য চৰকাৰে।
![]()
মুকলি অনুষ্টানত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে কয় – ‘গুৱাহাটী ভাৰতৰ ভিতৰত শীৰ্ষ ক্ৰীড়া চিটী হ’বলৈ গৈ আছে। ২০২৮ বৰ্ষৰ অলিম্পিকত ভাৰতে পদকৰ তালিকাত শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰাৰ লক্ষ্য ৰাখিছে ক্ৰীড়া বিভাগে।’
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|