১৮ জানুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব ‘Khelo India’। ৩০ জানুৱাৰীলৈকে হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে এতিয়া চৰকাৰৰ ব্যাপক তৎপৰতা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীক খেল’ ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে। গুৱাহাটীত হ’বলগীয়া Khelo India–২০২০ৰ Theme Songত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।
২০১৮ ৰ পৰা আৰম্ভ হোৱা দেশৰ ক্ৰীড়াৰ উত্তৰণৰ বাবে ‘Khelo India’ কাৰ্যসূচী হাতত লোৱা হৈছে। প্ৰথম দুটা বছৰ সফল ভাবে সমাপ্ত হোৱাৰ পিছত এইবাৰ গুৱাহাটী সাজু হৈছে Khelo Indiaৰ তৃতীয় সংস্কৰণৰ বাবে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 30, 2019, 16:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।