খেলত অংশগ্ৰহণ কৰি অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে নিজকে ফুটবলপ্ৰেমী বুলি অভিহিত কৰে।
খেলত অংশগ্ৰহণ কৰি অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে নিজকে ফুটবলপ্ৰেমী বুলি অভিহিত কৰে।
আজি ডিফুস্থিত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেলপথাৰত জুবিন একাদশ আৰু কাৰ্বি চিনেমা শিল্পী সন্থাৰ মাজত অনুষ্ঠিত হোৱা বন্ধুত্বপূৰ্ণ প্ৰীতি ফুটবল মেচখনত কাৰ্বি চিনেমা শিল্পী সন্থাই জুবিন একাদশক ৫-১ গʼলৰ ব্যৱধানত পৰাস্ত কৰে। খেলৰ অন্তত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ( Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দুয়োটা দলকে বঁটা প্ৰদান কৰে।
খেলত অংশগ্ৰহণ কৰি অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে (Zubin Garg ) নিজকে ফুটবলপ্ৰেমী বুলি অভিহিত কৰি ফুটবল (Football) আৰু সংগীতৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক থকা বুলি মন্তব্য কৰাৰ লগতে ডিফুৰ ষ্টেডিয়ামখন ধুনীয়া আৰু ডাঙৰ বুলিও কয়।ইয়াৰ উপৰি জুবিন গাৰ্গে গীত পৰিৱেশন কৰাও দেখা যায় ।
আনহাতে কাৰ্বি চিনেমা শিল্পী দলৰ অধিনায়ক তথা জনপ্ৰিয় কৌতুক শিল্পী ৰাজীৱ ক্ৰʼৱে খেলৰ জনপ্ৰিয়তা বৃদ্ধিৰ জৰিয়তে ড্ৰাগছকে আদি কৰি সমাজৰ ক্ষতিকাৰক দিশসমূহৰ পৰা আঁতৰি থকাৰ বাবে যুৱপ্ৰজন্মক আহ্বান জনোৱাৰ লগতে সকলোকে কʼৰোনাৰ প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনায়। আনহাতে, আজিৰ খেলখনৰ জৰিয়তে ডিফুত জনপ্ৰিয় শিল্পীসকলৰ সমাৱেশক লৈ পাহাৰীয়া চহৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|