আই চি চি টি-২০ বিশ্বকাপ ক্ৰিকেটৰ পিছত বুধবাৰৰ পৰা ভাৰত আৰু নিউজিলেন্ডৰ মাজত আৰম্ভ হ'ব ঘৰুৱা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ শৃংখলাৰ প্ৰথমখন খেল। বুধবাৰৰ জয়পুৰৰ খেলৰ পিছত ১৯ নৱেম্বৰৰ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল ঝাৰখণ্ডত আৰু তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় খেল কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব।
পৰৱৰ্তী সময়ত কানপুৰ আৰু মুম্বাইত ভাৰত আৰু নিউজিলেন্ড দলে দুখনকৈ আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেটছত অংশগ্ৰহণ কৰিব। দুয়োখন দেশৰ এই গুৰুত্বপূৰ্ণ খেলৰ সময়তে অসমলৈ ভাল খবৰ।
ভাৰত বনাম নিউজিলেন্ডৰ মাজৰ ঝাৰখণ্ডৰ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ বিচিচিআইৰ পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰিছে অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ কামাখ্যা শইকীয়াই।বিচিচিআইৰ পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰা প্ৰাক্তন ক্ৰিকেটাৰ কামাখ্যা শইকীয়া হ'ল অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক। কামাখ্যা শইকীয়াই আন্তঃৰাষ্ট্ৰীয় খেলৰ সন্মানীয় দায়িত্ব পোৱাৰ বাবে তেওঁক অভিনন্দন জনাইছে অসমৰ ক্ৰীড়া প্ৰেমীৰ লগতে অসম ক্ৰিকেটৰ এপেক্স কাউন্সিলৰ সদস্যসকলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|