বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / ক্ৰীড়া / Kaliabor News: খেলো ইণ্ডিয়া ৱ'মেন এথলেটিকছত ৰূপৰ পদক অৰ্জন কলিয়াবৰৰ অংকিতা শইকীয়াৰ; ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীয়া ক্ষেত্ৰত উজলিল আন দুগৰাকী খেলুৱৈ

Kaliabor News: খেলো ইণ্ডিয়া ৱ'মেন এথলেটিকছত ৰূপৰ পদক অৰ্জন কলিয়াবৰৰ অংকিতা শইকীয়াৰ; ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীয়া ক্ষেত্ৰত উজলিল আন দুগৰাকী খেলুৱৈ

Kaliabor News: খেলো ইণ্ডিয়া ৱ'মেন এথলেটিকছত ৰূপৰ পদক অৰ্জন কলিয়াবৰৰ অংকিতা শইকীয়াৰ; ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীয়া ক্ষেত্ৰত উজলিল আন দুগৰাকী খেলুৱৈ

এই সফলতাই তেওঁৰ বাবে সমাগত অষ্টাদশ ৰাষ্ট্ৰীয় যুৱ এথলেটিক্‌চ চেম্পীয়নশ্বীপত অসম দলত স্থান লাভ কৰাৰ বাট মুকলি কৰিছে।

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

কলিয়াবৰৰ তিনি কন্যা ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীয়া ক্ষেত্ৰত উজলিছে। দৌৰবিদ অংকিতা শইকীয়াই খেলো ইণ্ডিয়া ৱ’মেন এথলেটিকছত দৌৰত ৰূপৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিলে। সৰুসজাই ষ্টেডিয়ামত অসম এথলেটিক এছ’ছিয়েচনৰ উদ‍্যোগত আয়োজিত এই প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত অংকিতাই ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি, কলিয়াবৰৰ আন দুই উদীয়মান মহিলা ফুটবলাৰ চিমি গগৈ আৰু দীপিকা গগৈক অসম মহিলা ফুটবল দলৰ বাচনি শিৱিৰলৈ আমন্ত্ৰণ কৰিছে।

বিজ্ঞাপন

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ হৈ খেলা অংকিতাই নগাঁও জিলাৰ হৈ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই সফলতা লাভ কৰে। অংকিতাই কোকৰাঝাৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত প্ৰশিক্ষণ লৈ আছে। এই সফলতাই তেওঁৰ বাবে সমাগত অষ্টাদশ ৰাষ্ট্ৰীয় যুৱ এথলেটিক্‌চ চেম্পীয়নশ্বীপত অসম দলত স্থান লাভ কৰাৰ বাট নিশ্চয়কৈ মুকলি কৰিছে।

আনহাতে, কলিয়বৰ জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্ভূক্ত দল ফ্ৰেণ্ডশ্বীপ ক্লাৱৰ হৈ অসমৰ কেইবাখনো মহিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৃষ্টিনন্দন খেলেৰে চিমি গগৈ আৰু দীপিকা গগৈয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ‍্য যে, শেহতীয়াকৈ গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত চিমিয়ে অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। সীমিত সা-সুবিধাৰে কলিয়াবৰৰ পৰা ৰাজ‍্যিক পৰ্যায়ত দেখুওৱা উন্নত প্ৰদৰ্শনৰ বাবে তিনিওগৰাকী যুৱ খেলুৱৈৰ সফলতাই কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজক উৎফুল্লিত কৰি তুলিছে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন