IPLৰ ইতিহাসত একেৰাহে মুঠ ৫টা ছিজনত ৫০০ৰ অধিক ৰাণ কৰি প্ৰথমগৰাকী ক্ৰিকেটাৰৰ গৌৰৱ অৰ্জন কৰিলে কে এল ৰাহুলে (KL Rahul)।
IPLৰ ইতিহাসত একেৰাহে মুঠ ৫টা ছিজনত ৫০০ৰ অধিক ৰাণ কৰি প্ৰথমগৰাকী ক্ৰিকেটাৰৰ গৌৰৱ অৰ্জন কৰিলে কে এল ৰাহুলে (KL Rahul)।
IPLৰ ইতিহাসত আন এক বিৰল অভিলেখৰ অধিকাৰী হ'ল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক তথা ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল। আজি IPL 2022ৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৫০ ৰাণ কৰাৰ পিছতে এই অভিলেখৰ গৰাকী হয় কে এল ৰাহুল।
উল্লেখ্য যে IPL 2022ত মুঠ ৫০০ৰ অধিক ৰাণ কৰিলে কে এল ৰাহুলে। ৰাণৰ দিশত ৰাজস্থান ৰয়েলছৰ জোছ বাটলাৰৰ পিছতে দ্বিতীয় স্থানত আছে ৰাহুল। পিছে ৫০০ ৰাণ সম্পূৰ্ণ কৰি IPLৰ ইতিহাসত একেৰাহে মুঠ ৫টা ছিজনত ৫০০ৰ অধিক ৰাণ কৰি প্ৰথমগৰাকী ক্ৰিকেটাৰৰ গৌৰৱ অৰ্জন কৰিলে কে এল ৰাহুলে।
উল্লেখ্য যে ভাৰতৰ বিৰাট কোহলি শিখৰ ধাৱনেও ৫টা ছিজনত ৫০০ৰ অধিক ৰাণ কৰিছে যদিও তেওঁলোকে একেৰাহে ৫টা ছিজনত কৰা নাই।
ইয়াৰ পূৰ্বে কে এল ৰাহুলে ২০১৮ৰ ছিজনত ৬৫৯ ৰাণ, ২০১৯ৰ ছিজনত ৫৯৩ ৰাণ, ২০২০ চনত ৬৭০ ৰাণ আৰু ২০২১ৰ ছিজনত ১১৩খন খেলত ৬১৬ ৰাণ কৰিছিল। ২০২০ত অৰেঞ্জ কেপ জয় কৰিছিল ৰাহুলে। এইবাৰ ৰাহুলক লক্ষ্ণৌ দলে ১৭ কোটি টকাত ক্ৰয় কৰিছিল।
উল্লেখ্য যে আইপিএলৰ ইতিহাসত সৰ্বাধিকবাৰ ৫০০ৰ অধিক ৰাণ কৰাৰ কৃতিত্বৰ অধিকাৰী হ'ল ডেভিড ৱাৰ্ণাৰ (David Warner)। ৱাৰ্ণাৰে একেৰাহে ২০১৪ৰ পৰা ২০২০লৈ ক্ৰমে ৫২৮, ৫৬২, ৮৪৮, ৬৪১, ৬৯২ আৰু ৫৪৮ ৰাণ কৰিছিল। ভাৰতৰ শিখৰ ধাৱনে এইবাৰ আইপিএলত এতিয়ালৈ ৪২১ ৰাণ কৰিছে আৰু এখন খেলত ভালকৈ খেলিলেই ৱাৰ্ণাৰক স্পৰ্শ কৰাৰ সম্ভাৱনা আছে।
ৰাহুলৰ নেতৃত্বত LSG দল বৰ্তমান ৮খন খেল জয় কৰি তালিকাৰ তৃতীয় স্থআনত আছে। KKRৰ বিৰুদ্ধে আজিৰ খেলত জয়ী হ'লে প্লেঅফত স্থান প্ৰায় নিশ্চিত হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|