Jasprit Bumrah: ভাৰতীয় বলাৰ হিচাপে ২৫০টা উইকেট দখল কৰা প্ৰথমগৰাকী বলাৰৰ অভিলেখ ৰচিলে জছপ্ৰীত বুমৰাহে।
Jasprit Bumrah: ভাৰতীয় বলাৰ হিচাপে ২৫০টা উইকেট দখল কৰা প্ৰথমগৰাকী বলাৰৰ অভিলেখ ৰচিলে জছপ্ৰীত বুমৰাহে।
মঙলবাৰে এক অনন্য কৃতিত্বৰ অধিকাৰী হ'ল টীম ইণ্ডিয়াৰ পেচাৰ জছপ্ৰীত বুমৰাহ (Jasprit Bumrah)। IPL 2022ত ছানৰাইজাৰ্চ হায়দৰাবাদৰ বিৰুদ্ধে এখন খেলত এই বিৰল কৃতিত্ব লাভ কৰে বুমৰাহে। ভাৰতীয় বলাৰ হিচাপে ২৫০টা উইকেট দখল কৰা প্ৰথমগৰাকী বলাৰৰ অভিলেখ ৰচিলে জছপ্ৰীত বুমৰাহে।
ছানৰাইজাৰ্চ হায়দৰাবাদৰ বেটছমেন ৱাশ্বিংটন সুন্দৰৰ উইকেটটো দখল কৰাৰ লগে লগে এই বিৰল কৃতিত্বৰ অধিকাৰী হয় বুমৰাহ। ছানৰাইজাৰ্চ হায়দৰাবাদৰ ইনিংছৰ অন্তিমটো বলত এই অভিলেখ ৰচে বুমৰাহে।
বুমৰাহৰ পিছতে আছে ২২৩টা উইকেট দখল কৰি ভাৰতীয় বলাৰৰ তালিকাত দ্বিতীয় স্থানত আছে ভূৱনেশ্বৰ কুমাৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|