বুধবাৰে ফিফা বিশ্বকাপত আন অপ্ৰত্যাশিত ঘটনাৰ সন্মুখীন হ'ল জাৰ্মানী। জাপানে জাৰ্মানীৰ বিৰুদ্ধে জয় সাবস্ত্য কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ছৌদি আৰবে বিশ্বকাপৰ প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনাৰ বিৰুদ্ধে জয়লাভ কৰিছিল, যিটো বিশ্বকাপৰ ইতিহাসত আটাইতকৈ ডাঙৰ ঘটনা বুলি বিবেচিত হৈছে, আৰবৰ পিছত এছিয়াৰ দ্বিতীয়টো দল জাপানে জাৰ্মানীৰ বিৰুদ্ধে অভাৱনীয় জয় লাভ কৰে।
গ্ৰুপ ইৰ মেচত ৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰে জাপানে। প্ৰথম অৱস্থাত কাটাৰৰ খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত জাৰ্মান দলটোৱে আধিপত্য বিস্তাৰ কৰিছিল। ৩৩ মিনিটত জাৰ্মানীয়ে পেনাল্টি শ্বুট আউট কৰে। কিন্তু জাৰ্মানীয়ে দ্বিতীয়টো গ’ল দিব নোৱাৰিলে। আনহাতে জাপানে জাৰ্মানীক আক্ৰমণ অব্যাহত ৰাখি শেষত সমতা স্থাপনৰ কিছু সময় পিছতে জয় সাব্যস্ত কৰে।
প্ৰতিযোগিতাৰ প্ৰথমখন মেচত জাৰ্মানীৰ এয়া আছিল তৃতীয়টো পৰাজয়। ইয়াৰ পূৰ্বে ২০১৮ চনৰ ফিফা কাপত মেক্সিকো আৰু ইউৰো ২০২০ত ফ্ৰান্সৰ হাতত পৰাস্ত হৈছিল।
Published by: Gautam Barman
FIRST PUBLISHED : November 23, 2022, 22:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।