உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL Auction 2022 Live Updates : ১৫.২৫ কোটিৰে শীৰ্ষত ঈশান কিষাণ, ১০ কোটিৰ ওপৰত আৰু কোন কোন হ'ল নিলাম?

    IPL Auction 2022 Live Updates : ১৫.২৫ কোটিৰে শীৰ্ষত ঈশান কিষাণ, ১০ কোটিৰ ওপৰত আৰু কোন কোন হ'ল নিলাম?

    ১৫.২৫ কোটিৰে শীৰ্ষত ঈশান কিষাণ, ১০ কোটিৰ ওপৰত আৰু কোন কোন হ'ল নিলাম?

    ১৫.২৫ কোটিৰে শীৰ্ষত ঈশান কিষাণ, ১০ কোটিৰ ওপৰত আৰু কোন কোন হ'ল নিলাম?

    ১৫.২৫ কোটিৰে শীৰ্ষত ঈশান কিষাণ, ১০ কোটিৰ ওপৰত আৰু কোন কোন হ'ল নিলাম?

    • Share this:
    IPL Auction 2022ত ১৫.২৫ কোটি টকাৰে নিলামত শীৰ্ষস্থান দখল কৰিলে ঈশান কিষাণে (Ishan Kishan) ।  ১৫.২৫ কোটি টকাত ঈশানক কিনিছে মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians)।

    আনহাতে আন কেইবাগৰাকীও খেলুৱৈৱে লাভ কৰিছে ১০ কোটিৰ ওপৰৰ দাম। এওলোকৰ লগতে চাওক এই পৰ্যন্ত কোনো খেলুৱৈৱে কিমান দাম পালে তাৰ তালিকা-

    ১০ কোটিৰ ওপৰত

    ঈশান কিষাণে পাইছে ১৫.২৫ কোটি।

    ১৪ কোটিত দীপক চাহাৰক কিনিলে CSKই।

    পেচাৰ প্ৰসিদ্ধ কৃষ্ণক ১০ কোটিত কিনিলে ৰাজস্থান ৰয়েলছে।

    শ্ৰেয়াছ আয়াৰ ১২.২৫ কোটি টকাত নিলাম, কিনিলে কলকাতা নাইটা ৰাইডাৰ্ছে।

    ১০ কোটি ৭৫ লাখ টকাত ৱানিন্দু হাছাৰাংগাক কিনিলে আৰচিবিয়ে।

    ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰাণক ১০.৭৫ কোটি টকাত কিনিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে।

    ১০ কোটি ৭৫ লাখ টকাত বেংগালুৰুলৈ উভতিল হৰ্ষল পেটেল।

    ১০ কোটিৰ তলত

    দক্ষিণ আফ্ৰিকাৰ বলাৰ কাগিচো ৰাবাডাক কলকাতা নাইট ৰাইডাৰ্ছে কিনিলে ৯.২৫ কোটি টকাত।

    ৮ কোটি ৭৫ লাখ টকাত ছানৰাইজাৰ্ছ হায়দৰাবাদে কিনিলে ৱাশ্বিংটন সুন্দৰক।

    শিখৰ ধাৱনক পঞ্জাৱ কিংছে কিনিছে ৮.২৫ কোটি টকাত।

    ক্ৰুনাল পাণ্ডিয়াক ৮.২৫ কোটি টকাত কিনিলে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে।

    ট্ৰেণ্ট বোল্টক ৰাজস্থআন ৰয়েলছে কিনিলে ৮ কোটিত।

    পেট কামিন্সক কলকাতা নাইট ৰাইডাৰ্ছে কিনিলে ৭ কোটি ২৫ লাখত।

    দক্ষিণ আফ্ৰিকাৰ বেটছমেন ফাফ ডু প্লেছিছক ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে কিনিলে ৭ কোটিত।

    আম্বাতী ৰাইডুক ৬.৭৫ কোটিত কিনিলে চেন্নাই ছুপাৰ কিংছে।

    ইংলেণ্ডৰ জনী বেয়াৰষ্টোক ৬.৭৫ কোটিত কিনিলে পঞ্জাৱ কিংছে।

    মহম্মদ স্বামীক ৬.২৫ কোটিত কিনিলে গুজৰাট জায়েণ্টছে

    নিলামত দীপক হুডাক ৫.৭৫ কোটি টকাত লক্ষ্ণৌৱে কিনিলে।

    দিনেশ কাৰ্তিকক ৫.৫ কোটিত কিনিলে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে।
    Published by:Manjumoni Borah
    First published: