• Home
  • »
  • News
  • »
  • sports
  • »
  • IPL 2022: ৰোহিত শৰ্মাক ১২লাখ টকাৰ জৰিমণা, দিল্লী কেপিটেলছক ৰুধিব নোৱাৰিলে ৰোহিত শৰ্মাৰ মুম্বাই বাহিনীয়ে ...

IPL 2022: ৰোহিত শৰ্মাক ১২লাখ টকাৰ জৰিমণা, দিল্লী কেপিটেলছক ৰুধিব নোৱাৰিলে ৰোহিত শৰ্মাৰ মুম্বাই বাহিনীয়ে ...

IPL2022: মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২২ ৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছৰ হাতত পৰাজিত হৈছে।

IPL2022: মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২২ ৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছৰ হাতত পৰাজিত হৈছে।

IPL2022: মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২২ ৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছৰ হাতত পৰাজিত হৈছে।

  • Share this:
মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২২ ৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছৰ হাতত পৰাজিত হৈছে। প্ৰতিপক্ষক জয়ৰ বাবে ডাঙৰ লক্ষ্য বান্ধি দিয়াৰ পিছতো মুম্বাই এই খেলখনত এক ৰোমাঞ্চকৰ ধৰণে পৰাজিত হয়। এই পৰাজয়ৰ সৈতে, দলটোৱে আন এক আঘাতৰ সন্মুখীন হৈছে। দলৰ অধিনায়ক ৰোহিত শৰ্মাক লেহেমীয়া গতিৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।

দেওবাৰে খেলা আই পি এলৰ খেলখনত মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মাক তেওঁৰ লেহেমীয়া গতিৰ অভাৰৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে। "মুম্বাইৰ ব্ৰেবোৰ্ণ ষ্টেডিয়ামত ২৭ মাৰ্চত দিল্লী কেপিটেলছৰ বিৰুদ্ধে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২২ ৰ খেলৰ সময়ত লেহেমীয়া অভাৰ-ৰেট বজাই ৰখাৰ বাবে মুম্বাই ইণ্ডিয়ানছক জৰিমনা বিহা হৈছে," আই পি এলে এক প্ৰেছ বিজ্ঞপ্তিত এইদৰে জনাইছে।

মন কৰিবলগীয়া যে মুম্বাইয়ে প্ৰথমে বেটিং কৰিছিল আৰু ১৭৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। মুম্বাইৰ হৈ ৰোহিত শৰ্মাই ৪১ ৰাণৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। দলটোৰ হৈ ঈশান কিষাণে কঠোৰ পৰিশ্ৰমৰে সুন্দৰ বেটিং কৰিছিল আৰু ৮১ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ ৪৮ টা বলৰ সন্মুখীন হৈ  ১১ টা চাৰি আৰু ২ টা ছয় কোবাইছিল। ইয়াৰ প্ৰত্যুত্তৰত দিল্লীৰ দলটোৱে ১৮.২ অভাৰত ৬ টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে। ললিত যাদৱ আৰু অক্ষৰ পেটেলে দিল্লী কেপিটেলছৰ হৈ সুন্দৰ ইনিংছ খেলে আৰু দিল্লীৰ জয়ৰ পথ সহজ কৰি তোলে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি