আই পি এল ২০২২ৰ দ্বিতীয়খন খেল মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত খেলা হৈছিল। এই খেলখনত দিল্লীয়ে মুম্বাইক নিশ্চিত জয়ৰ পৰা আঁতৰ কৰিছিল। মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰা এই খেলখনৰ নায়ক কোন আছিল?
নায়ক আছিল অক্ষৰ পাটেল আৰু ২৫ বছৰীয়া ললিত যাদৱ। কিন্তু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ললিত যাদৱে। ললিত যাদৱে ৩৮টা বলত ৪৮ ৰানৰ ইনিংছ খেলিছিল, য'ত তেওঁ ৪ টা চাৰি আৰু ২ টা ছয় মাৰিছিল আৰু অক্ষৰ পেটেলৰ সৈতে ৩০ টা বলত অপৰাজিত ৭৫ ৰাণৰ অংশীদাৰিত্বৰে মুম্বাই ইণ্ডিয়ানছৰ (Mumbai Indians) পৰা বিজয় কাঢ়ি লৈছিল।
ললিত যাদৱ (Lalit Yadav) এজন অফ স্পিনাৰ আৰু লগতে এজন মিডল-অৰ্ডাৰ বেটছমেন। ললিত তেওঁৰ দুটা ডাঙৰ ইনিংছৰ বাবে জনাজাত। ললিত যাদৱে ৬টা বলত দুবাৰকৈ ৬টা ছয় মাৰিছে। তেওঁ এয়া নজফগড় ক্ৰীড়া কমপ্লেক্সত খেলা এখন টি-২০ খেলত কৰিছিল। তাৰ পিছত তেওঁ ৪৬ টা বলত ১৩০ ৰান কৰাও ইতিহাস আছে। ললিত যাদৱে অনূৰ্ধ্ব ১৪ৰ ৪০ অভাৰৰ খেলত দ্বিশতক অৰ্জন কৰাৰ সময়ত চৰ্চালৈ আহিছিল। ললিত নজফগড়ৰ পৰা আহিছে আৰু বীৰেন্দ্ৰ ছেহৱাগ তেওঁৰ আদৰ্শ।
ললিত যাদৱে ২০২১ চনত দিল্লী কেপিটেলছৰ (Delhi Capitals) হৈ আই পি এলত আত্মপ্ৰকাশ কৰিছিল। দিল্লীয়ে ২০ লাখ টকাৰ মূল্যত ক্ৰয় কৰিছিল ললিতক। এইবাৰ ললিতক দিল্লীয়ে ৬৫ লাখ টকা খৰচ কৰি দলত অন্তৰ্ভুক্ত কৰিছিল। ললিতে আই পি এলত ৮খন খেল খেলিছে য'ত তেওঁ ১০৪.৫০ৰ ষ্ট্ৰাইক ৰেটত ১১৬ ৰান সংগ্ৰহ কৰিছে আৰু তেওঁৰ নামত ৪টা উইকেট লৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 28, 2022, 16:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।