ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) ১৬তম সংস্কৰণ অহা ৩১ মাৰ্চত আৰম্ভ হ’ব। IPL ২০২৩ ৰ প্ৰথমখন খেল ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ'ব। হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছ আৰু মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই চুপাৰ কিংছে খেলিব। এই বহুপ্ৰতীক্ষিত টি-২০ লীগৰ বাবে মঞ্চ নিৰ্ধাৰণ কৰা হৈছে। যুৱৰ পৰা অভিজ্ঞ খেলুৱৈলৈকে সকলোৱে যাদু বিয়পাবলৈ সাজু। কিন্তু এইবাৰ এই প্ৰতিযোগিতাৰ খেলসমূহ ডিজনী হটষ্টাৰত লাইভ ষ্ট্ৰীম নহয়। এনে পৰিস্থিতিত, যদি আপুনি IPL মেচ উপভোগ কৰিব বিচাৰে, তেন্তে আপুনি বেলেগ এপত চাব লাগিব।
IPLৰ আগন্তুক সংস্কৰণত মুঠ ৭০ খন খেল অনুষ্ঠিত হ'ব। ৫২ দিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাখন দেশৰ ১২ টা স্থানত অনুষ্ঠিত হ’ব। প্ৰতিবাৰৰ দৰে, এইবাৰো IPL সকলো ১০ টা দলে তেওঁলোকৰ ঘৰুৱা স্থানত ৭ খন মেচ আৰু ঘৰৰ বাহিৰত ৭ খন মেচ খেলিব। এই সময়ছোৱাত ১৮ খন ডাবল হেডাৰ মেচ খেলা হ’ব।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত IPLৰ ১৬তম সংস্কৰণৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। চেন্নাই চুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত IPL ২০২৩ ৰ খেলখন ভাৰতীয় সময় মতে সন্ধিয়া ৭ বাজি ৩০ মিনিটত আৰম্ভ হ’ব। মেচখনৰ টছ সন্ধিয়া ৭ বজাত অনুষ্ঠিত কৰা হ'ব।
উল্লেখ্য যে, IPL ২০২৩ৰ খেলসমূহ ষ্টাৰ স্পৰ্টছ নেটৱৰ্ক চেনেলসমূহত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। আপুনি Viacom18ৰ ভুট (Voot) এপত মোবাইলত IPL খেলৰ অনলাইন ষ্ট্ৰীমিং চাব পাৰিব।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 28, 2023, 13:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।