உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL Auction 2022: আজি IPLৰ মেগা নিলামৰ প্ৰথম দিন, ২০ কোটিৰ ওপৰত নিলাম হ'ব পাৰে এইকেইজন খেলুৱৈৰ

    IPL Auction 2022: আজি IPLৰ মেগা নিলামৰ প্ৰথম দিন, ২০ কোটিৰ ওপৰত নিলাম হ'ব পাৰে এইকেইজন খেলুৱৈৰ

    IPL Auction

    IPL Auction

    IPL Auction 2022: IPLৰ মেগা নিলামত ১০জনতকৈ অধিক খেলুৱৈয়ে কোটি টকাৰ অধিক দামত নিলাম হ'ব পাৰে। যদি ফ্ৰেঞ্চাইজিবোৰৰ মাজত দৰদাম প্ৰতিযোগিতামূলক হয় তেন্তে দুই এজন খেলুৱৈৰ দাম আনকি প্ৰায় ২০ কোটিৰ ওপৰলৈ যাব পাৰে বুলিও অনুমান কৰা হৈছে।

    • Share this:
    আজি বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুদিনীয়া মেগা নিলামৰ (IPL Mega Auction 2022) প্ৰথম দিন। বেংগালুৰুত আয়োজন কৰা হৈছে নিলামৰ। এইবাৰ নিলামত আছে ১০টা দল। গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰজায়েণ্টছ প্ৰথমবাৰৰ বাবে দুটা নতুন ফ্ৰেঞ্চাইজিয়ে অংশ ল'ব IPLত। পূৰ্বে ৫৯০ জন খেলুৱৈৰ নিলাম হোৱাৰ কথা আছিল, কিন্তু এতিয়া মুঠ ৬০০ জন খেলুৱৈ নিলাম হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) একচন ৰেজিষ্টাৰত আৰু ১০ জন খেলুৱৈৰ নাম যোগ দিছে।

    আজি প্ৰথম দিনটোত মুঠ ১৬১ জন খেলুৱৈযৰ নিলাম হ'ব। প্ৰথমতে, মাৰ্কি খেলুৱৈসকলৰ নিলাম কৰিব। মুঠ ১০ জন খেলুৱৈ এই তালিকাত আছে। ইয়াৰ ভিতৰত আছে চাৰিজন ভাৰতীয় খেলুৱৈ শ্ৰেয়াছ আয়াৰ, শিখৰ ধাৱান, মহম্মদ ছামী আৰু ৰবিচন্দ্ৰন অশ্বিন। ইয়াৰ উপৰি ছয়জন বিদেশী খেলুৱৈৰ ভিতৰত আছে পেট কামিন্স, কুইণ্টন ডিকক, ডেভিদ ৱাৰ্ণাৰ, কাগিচো ৰাবাডা, ট্ৰেণ্ট ব'ল্ট, ফাফ ডু প্লেচিছ।

    বিচিচিআইয়ে আই পি এল ২০২২ ৰ মেগা নিলামৰ ঠিক আগতে নিলাম পঞ্জীত ১০ টা নতুন নাম যোগ দিছে, যাৰ ফলত তালিকাখনত খেলুৱৈৰ সংখ্যা ৬০০লৈ বৃদ্ধি পাইছে। খেলুৱৈসকল হৈছে এৰন হাৰ্ডি, লেন্স মৰিছ, নিভেথান ৰাধাকৃষ্ণন, অগ্নিৱেশ আয়াচি, হাৰ্দিক তামোৰ, নীতিশ কুমাৰ ৰেড্ডী, মিহিৰ হিৰৱানী, মনু কুমাৰ, ৰোহন ৰাণা আৰু চাইৰাজ পাটিল। হাৰ্ডি, মৰিছ আৰু ৰাধাকৃষ্ণণ অষ্ট্ৰেলিয়াৰ। বাকী আটাইকেইজন ভাৰতৰ।

    এই সময়ত  IPLৰ মেগা নিলামত ১০জনতকৈ অধিক খেলুৱৈয়ে কোটি টকাৰ অধিক দামত নিলাম হ'ব পাৰে। যদি ফ্ৰেঞ্চাইজিবোৰৰ মাজত দৰদাম প্ৰতিযোগিতামূলক হয় তেন্তে দুই এজন খেলুৱৈৰ দাম আনকি প্ৰায় ২০ কোটিৰ ওপৰলৈ যাব পাৰে বুলিও অনুমান কৰা হৈছে। শ্ৰেয়াছ আয়াৰ, শাৰ্দুল ঠাকুৰ, ঈশান কিষাণ, হৰ্ষল পেটেলে ভাল দাম পাব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি দীপক চাহাৰ, যুজবেন্দ্ৰ চাহালে ১০ কোটি টকাৰ অধিক লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ফাফ ডু প্লেচিছ, ডেভিদ ৱাৰ্ণাৰ, জেচন হোল্ডাৰ আৰু কাগিচো ৰাবাডাকো ব্যয়বহুলভাৱে বিক্ৰী হোৱাৰ সম্ভাৱনা আছে।
    Published by:Manjumoni Borah
    First published: