মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »IPL match in Guwahati : গুৱাহাটীত হ’ব IPLৰ দুখন খেল, ক’ত কেনেকৈ উপলব্ধ হ’ব টিকট?

IPL match in Guwahati : গুৱাহাটীত হ’ব IPLৰ দুখন খেল, ক’ত কেনেকৈ উপলব্ধ হ’ব টিকট?

মাৰ্চ মাহৰ শেষৰ ফালে ৰাজস্থান ৰয়েলছৰ দলটো বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত হৈ অনুশীলন কৰিব।

মাৰ্চ মাহৰ শেষৰ ফালে ৰাজস্থান ৰয়েলছৰ দলটো বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত হৈ অনুশীলন কৰিব।

মাৰ্চ মাহৰ শেষৰ ফালে ৰাজস্থান ৰয়েলছৰ দলটো বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত হৈ অনুশীলন কৰিব।

  • Share this:
ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সুখবৰ। গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হব IPLৰ দুখনকৈ খেল। এই কথা সদৰি কৰিলে অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা নাহৰকটীয়াৰ যুৱ বিধায়ক তৰংগ গগৈয়ে।

ৰাজস্থান ৰয়েলছে হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিবলগীয়া এই টুৰ্ণামেণ্টখনত ৫ এপ্ৰিলৰ দিনা ৰাজস্থান ৰয়েলছে পঞ্জাব কিংছ ইলেভেন আৰু ৮ এপ্ৰিলৰ দিনা দিল্লী কেপিটেলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইফালে, মাৰ্চ মাহৰ শেষৰ ফালে ৰাজস্থান ৰয়েলছৰ দলটো বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত হৈ অনুশীলন কৰিব।

বহাগ বিহুৰ সময়ত অনুস্থিত হ’বলগা এই খেল কেইখনৰ টিকট ক’ত কেনেকৈ উপলব্ধ হ’ব তাৰ বাবে অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছৰ কৰ্তৃপক্ষৰ লগত বৈঠক অনুষ্ঠিত কৰি সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰিব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

শেহতীয়া বাতৰি