মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »পৰিব নেকি আশাত চেচাপানী? বৰ্ষাপাৰাত IPLৰ খেল অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ

পৰিব নেকি আশাত চেচাপানী? বৰ্ষাপাৰাত IPLৰ খেল অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ

Source-Google

গুৱাহাটীৰ আই পি এল মেচ হ’বনে? ভাগ্য এতিয়া ৰাজস্থান উচ্চ ন্যায়ালয়ত

  • Share this:
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ভাৰত–শ্ৰীলংকাৰ মাজত টি–২০ মেচ। কিন্তু বতৰৰ বিধি পথালিৰ বাবে অনুষ্ঠিত কৰিব পৰা নগ’ল মেচ। এইবাৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত আই পি এল অনুষ্ঠিত কৰাকলৈও দেখা দিছে গভীৰ অনিশ্চয়তা।

এইবাৰ আই পি এল গৱৰ্ণিং পৰিষদে ৰাজস্থান ৰয়েলছৰ তিনিখন ঘৰুৱা খেল গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ দিছিল সেউজ সংকেট। কিন্তু মেচ অনুষ্ঠিত কৰাৰ অনুমতি লাভ কৰাৰ পিছতো  দেখা দিছে গভীৰ অনিশ্চিয়তা।

গুৱাহাটীৰ বৰ্ষাপাৰাত আই পি এল মেচ অনুষ্ঠিত কৰা বিষয়টো পালেগৈ ন্যায়ালয়ৰ মজিয়া। ৰাজস্থান ৰয়েলছৰ আবেদনক প্ৰত্যাহ্বান জনাইছে বিমল চৌধুৰী নামৰ এগৰাকী ক্ৰিকেটপ্ৰেমীয়ে। ৰাজস্থানৰ পৰা অসমলৈ আই পি এলৰ তিনিখন খেল স্থানান্তৰ কৰাৰ প্ৰতিবাদ জনাই ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে বিমল চৌধুৰী নামৰ যুৱকজনে।

এই আবেদনৰ ভিত্তিত বিষয়টোৰ সন্দৰ্ভত ১৩ ফ্ৰেব্ৰুৱাৰীত শুনানীৰ দিন ধাৰ্য্য কৰিছে ন্যায়ালয়ে। আদালতে ইতিমধ্যে বিচিচিআই, ৰাজস্থান ৰয়েলছক এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। মুঠৰ ওপৰত গুৱাহাটীৰ ভ্যেনুক আই পি এলৰ তিনিখন খেল দিব বিচৰাকলৈ তোলপাৰ লাগিছে ৰাজস্থান ক্ৰিকেট আভ্যন্তৰত।

শেহতীয়া বাতৰি