গুৱাহাটীত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৩ৰ দুখনকৈ মেচ অনুষ্ঠিত হ'ব। এই দুখন IPL মেচ ৫ এপ্ৰিল আৰু ৮ এপ্ৰিলত অনুষ্ঠিত হ'ব।
জানিব পৰা মতে, বৰ্ষাপাৰা ষ্টেডিয়ামে IPL ২০২৩ ত দুখন খেলৰ বাবে ৰাজস্থান ৰয়েলছক ঘৰুৱা খেলপথাৰ হিচাপে আয়োজন কৰিব। অৰ্থাৎ ৰাজস্থান ৰয়েলছৰ দুখন 'ঘৰুৱা' খেল বৰ্ষাপাৰা ষ্টেডিয়ামত আৱণ্টন কৰা হৈছে।
গুৱাহাটীৰ বৰষুণৰ বতৰক লৈ ক্ৰিকেটপ্ৰেমী চিন্তিত কিয়নো পূৰ্বে বৰষুণৰ বাবে গুৱাহাটীত দুখন মেচ পৰিত্যক্ত হৈছিল। IPLৰ টিকট ক্ৰয় কৰাৰ বাবেও ক্ৰিকেটপ্ৰেমী এতিয়া চিন্তাত পৰিছে।
২০২০ চনত, গুৱাহাটীক ৰাজস্থান ৰয়েলছৰ হৈ কমেও তিনিখন আই পি এল খেল আয়োজন কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল যদিও কোভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে মেচবোৰ খেলিব পৰা নগ'ল।
উল্লেখ্য যে, অহা ২০ মাৰ্চৰ পৰা ২৮ মে’ৰ ভিতৰত ১২ টা স্থানত মুঠ ৭৪ খন লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত হ'ব।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 15, 2023, 20:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।