IPL 2022 ছিজনটো গোপনে আহিছে৷ আজি চেন্নাই চুপাৰ কিংছে (CSK) যোৱাবাৰৰ ৰাণাৰ্ছ আপ KKR (কলকাতা নাইট ৰাইডাৰ্ছ)ৰ বিৰুদ্ধে খেলিব৷ আই পি এল ২০২২ৰ প্ৰথমখন খেল ৱাংখেড়ে ষ্টেডিয়ামত কে কে আৰ বনাম চি এছ কেৰ বিৰুদ্ধে খেলা হ'ব৷
CSK Vs KKR Weather Update
ৱাংখেড়েৰ তাপমাত্ৰা প্ৰায় ২৯ ডিগ্ৰী চেলচিয়াছ হ'ব৷ আপেক্ষিক আৰ্দ্ৰতা ৬৫%, বতাহৰ গতি বেগ হ'ব ১১-১৩/ঘণ্টা৷ খেলখনৰ বাবে বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই৷ ।
CSK Vs KKR Pitch Report
ৱাংখেড়ে ষ্টেডিয়ামৰ পিটছ বেটিঙৰ বাবে সদায় ভাল৷ ট্ৰেকত বাউন্স থাকিব, যাৰ ফলত বেটছমেনসকল উপকৃত হ'ব৷ কিন্তু নিয়ৰে খেলপথাৰত ডাঙৰ ভূমিকা পালন কৰিব৷ টছত জিকা দলটোৱে ফিল্ডিং কৰিব বিচাৰিব৷ আউটফিল্ড চুপাৰফাষ্ট হ'ব৷ ফলস্বৰূপে, ৱাংখেড়েত ৰাণৰ পাহাৰৰ খেল হ'ব যেন লাগিছে৷
চিএচকে বনাম কেকেআৰ আঘাতপ্ৰাপ্ত খেলুৱৈ-
চেন্নাই চুপাৰ কিংছৰ দীপক চাহাৰে কেৱল এ খন মেচতে নহয়, আই পি এলত দীঘলীয়া সময়ৰ বাবে থাকিব নোৱাৰিব৷ আঘাতৰ বাবে তেওঁ খেলিব নোৱাৰিব৷
দ্ৱাইন প্ৰিটোৰিয়াছ আৰু মইন আলীয়েও প্ৰথমখন খেলৰ পৰা বঞ্চিত হ'ব।
কেকেআৰৰ পেট কামিন্স আৰু এৰন ফিঞ্চে আই পি এল ২০২২ ৰ প্ৰথম পাঁচখন খেলত খেলিব নোৱাৰিব কিয়নো তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে হোৱাইট বল শৃংখলাত খেলিব।
Published by: Kokil Sarma
FIRST PUBLISHED : March 26, 2022, 15:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।