
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বাদশ সংস্কৰণৰ ফাইনেলত প্ৰৱেশ কৰিলে ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বাদশ সংস্কৰণৰ ফাইনেলত প্ৰৱেশ কৰিলে ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বাদশ সংস্কৰণৰ ফাইনেলত প্ৰৱেশ কৰিলে ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ। মেচখনত দিল্লীয়ে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪৭ ৰান। প্ৰত্যুত্তৰত অপেনাৰদ্বয় ফাফ ডু প্লেচিছ আৰু শ্বেন ৱাটছনৰ দৰ্শনীয় অৰ্ধশতকৰ সহায়ত ৪টা উইকেট হেৰুৱাই ১৯ অভাৰত বিজয় লক্ষ্যত উপনীত হয় চেন্নাই। কাইলৈ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ফাইনেলত যুঁজ দিবলৈ খেলপথাৰত নামিব চেন্নাই ছুপাৰ কিংছ।
![]()
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|