IPL 2022|IPL 2022 Auction|IPL 2022 Auction LIVE Streaming আইপিএলৰ মেগা নিলাম এইবাৰ দেখা পাব একেবাৰে বিনামূলীয়াকৈ
আজিৰ পৰা বেংগালুৰুত দুদিনৰ বাবে অনুষ্ঠিত হৈছে IPLৰ মেগা নিলাম (IPL Auction 2022 ) ৷ IPL Auction 2022 ৰ বৃহৎ নিলাম দুপৰীয়া ১২ বজাত আৰম্ভ হৈছে।
IPL 2022 Auction Live Streaming ষ্টাৰ নেটৱৰ্কত চাবলৈ পোৱাৰ লগতে এই লাইভ অনুষ্ঠানটো Disney+ Hotstarতো দেখা পোৱা যাব। যদি দৰ্শকসকল ভাৰতৰ বাহিৰত থাকে, যদি তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰ বা কানাডাত বাস কৰে, তেন্তে YuppTVৰ সদস্যতা ল'ব লাগিব। আই পি এলৰ এই বৃহৎ নিলাম বিনামূলীয়াকৈ চাবলৈ কেইবাটাও পদ্ধতি আছে।
আপুনি ২০২২ চনৰ আই পি এল মেগা নিলাম বিনামূলীয়াকৈ চাব পাৰিব।
জিঅ' ব্যৱহাৰকাৰীসকলৰ বাবে এনে চাৰি আঁচনি আছে, য'ত জিঅ' ব্যৱহাৰকাৰীসকলে প্ৰতিবছৰে বিনামূলীয়াকৈ Disney+ Hotstar ছবস্ক্ৰিপশ্বন লাভ কৰে।
জিঅ'ৰ ৪৯৯ এক অতি জনপ্ৰিয় প্লেন৷ ২৮ দিনৰ বৈধতাৰ সৈতে প্ৰতিদিনে ২ জিবি ডাটা৷ ৬৯৯ টকাৰ প্লেনটোত Disney+ Hotstar সৈতে ২৮ দিনলৈকে ৩ জিবি ডাটা প্ৰদান কৰে৷
৬৫৯ টকাৰ প্লেনৰ বৈধতা ৫৬ দিন। গ্ৰাহকসকলে প্ৰতিদিনে ১০০ এছএমএছ বিনামূলীয়াকৈ পায়। আৰু ৭৯৯ টকাৰ প্লেনত আপুনি প্ৰতিদিনে ২ জিবি ডাটা পাব। এই আঁচনিৰ বৈধতাও ৫৬ দিন। এই দুয়োটা আঁচনিত Disney+ Hotstarৰ এবছৰৰ বাবে বিনামূলীয়া সদস্যতা লাভ কৰিব।
এয়াৰটেলৰ গ্ৰাহকসকলেও বিনামূলীয়াকৈ আই পি এল নিলাম ২০২২ চাব পাৰে৷ এয়াৰটেলৰ ৪৯ টকাৰ প্লেনৰ দ্বাৰা আপুনি এবছৰৰ বাবে বিনামূলীয়াকৈ Disney+ Hotstar চাব পাৰিব৷ ২৮ দিনৰ বৈধতাৰ সৈতে, আপুনি ২ জিবি ডাটা পাব। ২৮ দিনৰ বৈধতাত আপুনি ৫৯৯ টকাত প্ৰতিদিনে ৩ জিবি ডাটা পাব। ৫৬ দিনৰ প্লেনত ৮৩৮ টকাত ২ জিবি ডাটা উপলব্ধ। এই প্লেনত Disney+ Hotstar বিনামূলীয়াকৈ উপলব্ধ।
Vodafone Idea ৬০১, ৯০৯, ৩০৯৯ টকাৰ প্লেন ব্যৱহাৰকাৰীয়ে বিনামূলীয়াকৈ Disney+ Hotstar ছাবস্ক্ৰিপশ্বন লাভ কৰিব। ৬০১ টকাৰ ৰিচাৰ্জ প্লেনৰ বৈধতা হৈছে ২৮ দিনৰ বাবে প্ৰতিদিনে ৩ জিবি ডাটা। ৭০১ টকাৰ প্লেনটো প্ৰতিদিনে ৩ জিবি ডাটাৰ সৈতে ৭০ দিনচলিব৷ একে সময়তে, ৩০৯৯ টকাৰ প্লেনত এবছৰৰ বাবে প্ৰতিদিনে ১.৫ জিবি ডাটা প্ৰদান কৰা হয়৷
Published by: Manjumoni Borah
First published: February 12, 2022, 12:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|