IPL Auction 2022: ছিজনৰ নিলামত সৰ্বোচ্চ দাম দি ঈশান কিষাণক ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। ৰাজস্থআন ৰয়েলছে অসমৰ ৰিয়ান পৰাগক ৩ কোটি ৮০ লাখ টকাত ক্ৰয় কৰিছে।
IPL Auction 2022: ছিজনৰ নিলামত সৰ্বোচ্চ দাম দি ঈশান কিষাণক ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। ৰাজস্থআন ৰয়েলছে অসমৰ ৰিয়ান পৰাগক ৩ কোটি ৮০ লাখ টকাত ক্ৰয় কৰিছে।
IPL Auction 2022ৰ প্ৰথম দিনা নিলামত বিক্ৰী হ'ল ৭৪ জন খেলুৱৈ। মুঠ ১০টা দলে এইবাৰ নিলামত অংশ লৈছে। গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে এইবাৰ নতুন দল হিচাপে আইপিএলত ভুমুকি মাৰিব।
প্ৰথম দিনাৰ নিলামত ৩৮৮ কোটি ১০ লাখ টকা খৰচ কৰি ১০টা টীমে ৭৪ জন খেলুৱৈ ক্ৰয় কৰিছে।
ছিজনৰ নিলামত সৰ্বোচ্চ দাম দি ঈশান কিষাণক ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। লক্ষণীয়ভাৱে ১০ কোটিৰ ওপৰৰ মূল্যত নিলাম হৈছে ১০ জন খেলুৱৈ।
অসমৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনি ক্ৰিকেটাৰ ৰিয়ান পৰাগে এইবাৰ ভাল দামত নিলাম হৈছে। ৰাজস্থআন ৰয়েলছে ৰিয়ানক ৩ কোটি ৮০ লাখ টকাত ক্ৰয় কৰিছে।
চাও আহক কোন কিমান দামত নিলাম হ'ল প্ৰথম দিনাৰ অকচনত-
১০ কোটিৰ ওপৰত
ঈশান কিষাণক ১৫.২৫ কোটি টকাত কিনিলে মুম্বাই ইণ্ডিয়ানছে।
দীপক চাহাৰক ১৪ কোটিত কিনিলে চেন্নাই ছুপাৰ কিংছে।
শ্ৰেয়াছ আয়াৰ ১২.২৫ কোটি টকাত নিলাম, কিনিলে কলকাতা নাইটা ৰাইডাৰ্ছে।
শ্বাৰ্দুল ঠাকুৰক ১০.৭৫ কোটি টকাত কিনিলে দিল্লী কেপিটেলছে।
১০ কোটি ৭৫ লাখ টকাত ৱানিন্দু হাছাৰাংগাক কিনিলে আৰচিবিয়ে।
ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰাণক ১০.৭৫ কোটি টকাত কিনিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে।
১০ কোটি ৭৫ লাখ টকাত বেংগালুৰুলৈ উভতিল হৰ্ষল পেটেল।
নিউজীলেণ্ডৰ লকী ফাৰ্গুছনক ১০ কোটিত কিনিলে গুজৰাট টাইটানছে।
ভাৰতৰ বলাৰ প্ৰসিদ্ধ কৃষ্ঞক ১০ কোটিত কিনিলে ৰাজস্থান ৰয়েলছে।
আৱেশ খানক ১০ কোটিত কিনিলে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে।
১০ কোটিৰ তলত
দক্ষিণ আফ্ৰিকাৰ বলাৰ কাগিচো ৰাবাডাক কলকাতা নাইট ৰাইডাৰ্ছে কিনিলে ৯.২৫ কোটি টকাত।
শ্বাহৰুখ খানক ৯ কোটিত কিনিলে পঞ্জাৱ কিংছে
ৰাহুল তেৱতিয়াক ৯ কোটিত কিনিলে গুজৰাট টাইটানছে।
৮ কোটি ৭৫ লাখ টকাত ছানৰাইজাৰ্ছ হায়দৰাবাদে কিনিলে ৱাশ্বিংটন সুন্দৰক।
ৰাহুল ত্ৰিপাঠীক ৮.৫০ কোটিত টকাত কিনিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে।
শিখৰ ধাৱনক পঞ্জাৱ কিংছে কিনিছে ৮.২৫ কোটি টকাত।
ক্ৰুনাল পাণ্ডিয়াক ৮.২৫ কোটি টকাত কিনিলে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে।
ট্ৰেণ্ট বোল্টক ৰাজস্থআন ৰয়েলছে কিনিলে ৮ কোটিত।
ময়িন আলীক ৮ কোটিত কিনিলে চেন্নাই ছুপাৰ কিংছে।
৮ কোটিৰ তলত
জো হেজলউডক ৭.৭৫ কোটি টকাত কিনিলে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে।
ইংলেণ্ডৰ বলৈৰ মাৰ্ক উডক ৭.৫০ কোটিত কিনিলে লক্ষ্ণো ছুপাৰ জায়েণ্টছে।
পেট কামিন্সক কলকাতা নাইট ৰাইডাৰ্ছে কিনিলে ৭ কোটি ২৫ লাখত।
শিৱম মাভিক কলকাতা নাইট ৰাইডাৰ্ছে কিনিলে ৭ কোটি ২৫ লাখত।
দক্ষিণ আফ্ৰিকাৰ বেটছমেন ফাফ ডু প্লেছিছক ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে কিনিলে ৭ কোটিত।
আম্বাতী ৰাইডুক ৬.৭৫ কোটিত কিনিলে চেন্নাই ছুপাৰ কিংছে।
ইংলেণ্ডৰ জনী বেয়াৰষ্টোক ৬.৭৫ কোটিত কিনিলে পঞ্জাৱ কিংছে।
য়ুজবেন্দ্ৰ চাহালক ৬.৫ কোটি টকাত কিনিলে ৰাজস্থান ৰয়েলছে।
অভিষেক শৰ্মাক ৬.৫ কোটি টকাত কিনিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে।
মহম্মদ স্বামীক ৬.২৫ কোটিত কিনিলে গুজৰাট জায়েণ্টছে।
নিলামত দীপক হুডাক ৫.৭৫ কোটি টকাত লক্ষ্ণৌৱে কিনিলে।
দিনেশ কাৰ্তিকক ৫.৫ কোটিত কিনিলে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে।
ৰাহুল চাহাৰক ৫.২৫ কোটি টকাত কিনিলে পঞ্জাৱ কিংছে।
৫ কোটিৰ তলত
ডোৱাইনে ব্ৰেভোক ৪.৪ কোটি টকাত কিনিলে চেন্নাই ছুপাৰ কিংছে।
ভূবনেশ্বৰ কুমাৰক ৪.২ কোটিত কিনিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|