আৰম্ভ হ’ল আগন্তুক IPLৰ কাউণ্ট–ডাউন। অহা ২৯ মাৰ্চত আগন্তুক IPLৰ প্ৰথমখন মেচত ভাগ ল’ব মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছে। কিন্তু আইপিএল আৰম্ভ হোৱাৰ পূৰ্বেই ২৫ মাৰ্চত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত মেচ খেলিব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে! উল্লেখযোগ্য যে, আইপিএলৰ আগতে এইবাৰ খেলা হ’ল অল ষ্টাৰ গেম। এই ঘোষণা যোৱা মাহত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে কৰিছিল। অহা ২৫ মাৰ্চত খেলা হ’ব এই অল ষ্টাৰ গেম। IPLৰ আটাইকেইটা দল লগ লগাই দুটা দল গঠন কৰা হ’ব।