প্ৰথমবাৰলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব IPLৰ দুখন খেল। ৫ এপ্ৰিলত কিংছ ইলেভেন পঞ্জাবৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে। ৮ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে। গুৱাহাটী হ’ল ৰাজস্থান ৰয়েলছৰ দ্বিতীয় হোম গ্ৰাউণ্ড।
সঞ্জু ছেমচন, জোছ বাটলাৰ, শিখৰ ধৱন, ডেভিদ ৱাৰ্ণাৰ, ৰাবাডা হ’ল মূল আকৰ্ষণ। ৰিয়ান পৰাগে খেলিব ঘৰুৱা দৰ্শকৰ সন্মুখত। ৩ এপ্ৰিলত ৰাজস্থান ৰয়েলছ আৰু কিংছ ইলেভেন পঞ্জাবৰ খেলুৱৈসকল গুৱাহাটীত আহি উপস্থিত হ’ব।
দুয়োখন খেলৰ টিকট অনলাইনৰ লগতে কাউণ্টাৰতো বিক্ৰী কৰি কৰি থকা হৈছে। দুয়োখন খেলৰ বাবে সাজু এচিএ আৰু ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষ। খেলৰ সময়ত ষ্টেডিয়ামত লেজাৰ লাইট শ্বো দেখুওৱা হ’ব। খেলৰ শেষত ষ্টেডিয়ামৰ ভিতৰত ফুটিব আতচবাজি। এই কথা News18ক জনালে এচিএৰ সভাপতি বিধায়ক তৰংগ গগৈয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 31, 2023, 15:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।