গুৱাহাটীত পঞ্জাৱ কিংছৰ ৰানৰ পাহাৰ। ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়ী হৈছে আৰু পঞ্জাৱ কিংছৰ বিৰুদ্ধে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। যোৱা খেলখনত খেলা প্লেয়িং ইলেভেনত দলত কোনো পৰিৱৰ্তন কৰা নাই ৰাজস্থানৰ দলটোৱে।
বেটিং কৰিবলৈ আৰম্ভণি কৰি পঞ্জাৱ কিংছৰ অপেনাৰদ্বয়ে সুন্দৰ আৰম্ভণি কৰে। দুয়োগৰাকী অপেনাৰে অৰ্ধশতক অৰ্জন কৰে। শিখৰ ধাৱান আৰু পি সিঙৰ অৰ্ধশতকৰ সুবাদত পঞ্জাৱে ২০ অভাৰত ৪টা উিকেট হেৰুৱাই ১৯৭ ৰান কৰে। ধাৱানে সৰ্বাধিক ৮৬ ৰান কৰে ৫৬টা বলৰ সন্মুখীন হৈ।
বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :