IPL 2023ৰ অফিচিয়েল ডিজিটেল ষ্ট্ৰীমিং পাৰ্টনাৰ Jio Cinemaই ডিজিটেল ক্ৰীড়া দৰ্শনৰ বিশ্ব অভিলেখ ভংগ কৰিছে। কিয়নো প্ৰথম ৭ সপ্তাহতে ই ১৫০০ কোটিতকৈ অধিক সময়ৰ দৰ্শন লাভ কৰিছে।
মঙলবাৰে অনুষ্ঠিত চেন্নাই ছুপাৰ কিংছ (Chennai Super Kings) আৰু গুজৰাট টাইটানছৰ (Gujarat Titans) মাজত অনুষ্ঠিত হোৱা প্ৰথমখন কোৱালিফায়াৰ মেচখনে পুনৰবাৰ IPLত এতিয়ালৈকে সৰ্বাধিক সমান্তৰাল দৰ্শকৰ সংখ্যা লাভ কৰে। দ্বিতীয় ইনিংছৰ অন্তিম অভাৰত সমান্তৰালতা ২.৫ কোটিলৈ বৃদ্ধি পাই এক বৃহৎ দৰ্শকক আকৰ্ষণ কৰে।
ডিজিটেল সমন্বয়ৰ ক্ষেত্ৰত এই ছিজনটো গেম চেঞ্জাৰ হৈ ২০১৯ চনত IPLৰ পূৰ্বৰ ১৮.৭ মিলিয়ন দৰ্শকৰ অভিলেখ অতিক্ৰম কৰিছে। লক্ষণীয়ভাৱে এই ছিজনত ১৩খনতকৈও অধিক মেচে ১৮ মিলিয়নৰ শীৰ্ষ সমকালীন মানদণ্ড অতিক্ৰম কৰিছে।
ইয়াৰ পূৰ্বে দুবাৰকৈ Jio Cinemaই IPLৰ শীৰ্ষ সমান্তৰাল অভিলেখ ভংগ কৰিছিল। ১২ এপ্ৰিলত প্লেটফৰ্মটোৱে চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ খেলৰ সময়ত শীৰ্ষত ২.২৩ কোটিৰ দৰ্শনত উপনীত হয়। পাঁচ দিনৰ পাছত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু বনাম চেন্নাই ছুপাৰ কিংছৰ খেলৰ সময়ত ২.৪ কোটিৰ সমান্তৰালভাৱে নিজৰ অভিলেখ অতিক্ৰম কৰে।
আজিলৈকে অভূতপূৰ্ব সঁহাৰিৰ পিছত Jio Cinemaই অনুৰাগীসকলক আকৰ্ষিত কৰিবলৈ ৩৬০ ডিগ্ৰী দৰ্শন বৈশিষ্ট্য মুকলি কৰে। ডিজিটেলত ইমাৰ্চিভ ফেন এংগেজমেণ্টৰ শক্তি প্ৰদৰ্শন কৰে। দৰ্শকে ভোজপুৰী, পাঞ্জাবী, মাৰাঠী, আৰু গুজৰাটীকে ধৰি অনন্য ভাষাৰ ফিড আৰু মাল্টি-কেম, ৪কে, হাইপ মোডৰ দৰে কেৱল ডিজিটেল বৈশিষ্ট্য উপভোগ কৰিছে, হাইলাইট, আৰু আই পি এলৰ শীৰ্ষ দলৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে বিৰাট কোহলী, হাৰ্দিক পাণ্ডিয়া, ফাফ ডু প্লেছিছ, ৰছিদ খান, ডেভিদ মিলাৰৰ দৰে শীৰ্ষ খেলুৱৈৰ সাক্ষাৎকাৰকে ধৰি ৰোমাঞ্চকৰ, একচন-পেকড আৰু একচেটিয়া বিষয়বস্তুত আনন্দ কৰিছে ।
Jio Cinemaৰ IPL 2023 ৰ ডিজিটেল ষ্ট্ৰীমিংৰ বাবে ২৬টা শীৰ্ষ ব্ৰেণ্ডে অংশীদাৰিত্ব কৰিছে, য’ত আছে (সহ-প্ৰেজেণ্টিং স্পনছৰ) Dream11, (Co-Powered) JioMart, PhonePe, Tiago EV, Jio (Associate Sponsor) Appy Fizz, ET Money, Castrol, TVS, Oreo, Bingo, Sting, AJIO, Haier, RuPay, Louis Philippe Jeans, Amazon, Rapido, Ultra Tech Cement, Puma, Kamla Pasand, Kingfisher Power Soda, Jindal Panther TMT Rebar, Saudi Tourism, Spotify আৰু AMFI আদি।
Published by: Subham Goswami
FIRST PUBLISHED : May 26, 2023, 17:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।