KKR Vs RCB: IPLৰ হাই ভল্টেজ খেলত অন্তিম অভাৰত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছ। প্ৰথমে বেট ধৰি কলকাতাই মাত্ৰ ১২৮ ৰান সংগ্ৰহ কৰে। স্পীনাৰ হাছাৰাংগাই ৪টা উইকেট দখল কৰে আৰু আকাশদ্বীপে ৩টা উইকেট দখল কৰে।
প্ৰত্যুত্তৰত ১২৯ ৰানৰ লক্ষ্য লৈ বিপদত পৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। ৰাডাৰফৰ্ড আৰু ছাহবাজ আহমেদে দৃঢ়তাৰে খেলি দলক বিজয়ৰ দিশে লৈ যায়। শেষৰফালে দীনেশ কাৰ্তিকে অন্তিম অভাৰত ছিক্সাৰ কোবাই দলক বিজয়লক্ষ্যত উপনীত কৰোৱায়। কলকাতাৰ ছাউথিয়ে ৩টা আৰু উমেশ যাদৱে ২টা উইকেট দখল কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 30, 2022, 23:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|