IPL 2022ৰ এখন খেলত আজি অসমৰ প্ৰতিভাৱান খেলুৱৈ ৰিয়ান পৰাগে (Riyan Parag)হে ৰক্ষা কৰিলে ৰাজস্থান ৰয়েলছ (Rajasthan Royals)ৰ সন্মান। ৰিয়ানৰ দৰ্শনীয় অপৰাজিত অৰ্ধশতকৰ বাবেহে সন্মানজনক স্কোৰ কৰিবলৈ সক্ষম হৈছে ৰাজস্থান ৰয়েলছ।
৩১টা বলত ৫৬ ৰাণ কৰি অপৰাজিত হৈথকা ৰিয়ানৰ বেটিঙৰ বলত ৰাজস্থান ৰয়েলছে ৰয়েল ছেলেঞ্জাৰৰ্ছ বেংগালুৰু (RCB)ৰ বিৰুদ্ধে (RR Vs RCB) ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৪৪ ৰাণ কৰিবলৈ সক্ষম হয়। ৰিয়ানৰ উপৰি অধিনায়ক সঞ্জু ছেমছনে ২৭ ৰাণ কৰে।
ৰাজস্থানৰ হৈ আজি জোছ বাটলাৰ, দেৱদত্ত পাড়িক্কালকে কেইবাজনো বেটছমেনে ক্ৰিজত বেছি সময় তিষ্ঠিব নোৱাৰিলে। RCBৰ হৈ ৱানিন্দু হাসাৰাংগা, জো হেজলউড আৰু মহম্মদ ছিৰাজে দুটাকৈ উইকেট দখল কৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : April 26, 2022, 21:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|