IPL 2022ত উজলিল অসমৰ খেলুৱৈ ৰিয়ান পৰাগ। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰিয়ানৰ দৰ্শনীয় অৰ্ধশতক। মাত্ৰ ২৯ টা বলতে অৰ্ধশতক অৰ্জন কৰে অসমৰ বেটছমেনজনে।
প্ৰথমে বেট ধৰি ৰাজস্থানৰ আৰম্ভণি সুখকৰ নাছিল। ইজনৰ পিছত সিজন বেটছমেন বেংগালুৰুৰ বলিঙৰ সন্মুখত উইকেট হেৰুৱাইছিল। কিন্তু ছয় নম্বৰ স্থানত বেটিং কৰিবলৈ অহা ৰিয়ানে এটা দিশত দৃঢ়তাৰে খেলি দলক এক সন্মানজনক স্কৰত উপনীত কৰা নহয় ব্য়ক্তিগত ভাৱে চলিত আইপিএলত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে। ৰিয়ানে ৩১ টা বলত ৫৬ ৰান কৰি নটআউট হৈ থাকে আৰু ৰাজস্থানে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৪৪ ৰান কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : April 26, 2022, 21:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।