IPL2022ৰ এখন হাইভল্টেজ খেলত ৰাজস্থান ৰয়েলছে ১৫ ৰানত পৰাস্ত কৰে দিল্লী কেপিটেলছক। অন্তিম অভাৰত পাৱেলে ক্ৰমাগত ৩টা ছিক্সাৰ কোবাই খেলখন আকৰ্ষণীয় কৰি তুলিছিল যদিও দলক জয়ী কৰিব নোৱাৰিলে।
প্ৰথমে বেট ধৰি ৰাজস্থানে বাটলাৰৰ শতকেৰে নিৰ্ধাৰিত অভাৰত ২ উইকেটত ২২২ ৰান কৰে। প্ৰত্যুত্তৰত দিল্লীয়ে ২০ অভাৰত ২০৬ ৰানহে কৰিবলৈ সক্ষম হয়। দিল্লীৰ হৈ পণ্টে ৪৪ ৰান, ললিত যাদৱ আৰু পৃথ্বী শ্ব'ৱে ৩৭ ৰান কৰে। আনহাতে ৰাজস্থানৰ বলাৰ প্ৰসিদ্ধা কৃষ্ণা আৰু অশ্বিনে দুটাকৈ উইকেট দখল কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : April 22, 2022, 23:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|