உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL 2022: বাটলাৰৰ বিস্ফোৰক শতকেৰে বিশাল স্কোৰ ৰাজস্থান ৰয়েলছৰ, কলকাতাৰ সন্মুখত জয়ৰ লক্ষ্য ২১৮

    IPL 2022: বাটলাৰৰ বিস্ফোৰক শতকেৰে বিশাল স্কোৰ ৰাজস্থান ৰয়েলছৰ, কলকাতাৰ সন্মুখত জয়ৰ লক্ষ্য ২১৮

    IPL 2022: বাটলাৰে ৬১টা বলত ৫টা ছয় আৰু ৯টা চাৰিৰ সহায়ত ১০৩ ৰাণ কৰি আউট হয়। 

    IPL 2022: বাটলাৰে ৬১টা বলত ৫টা ছয় আৰু ৯টা চাৰিৰ সহায়ত ১০৩ ৰাণ কৰি আউট হয়। 

    IPL 2022: বাটলাৰে ৬১টা বলত ৫টা ছয় আৰু ৯টা চাৰিৰ সহায়ত ১০৩ ৰাণ কৰি আউট হয়। 

    • Share this:
    IPL 2022: জোছ বাটলাৰ (Jos Buttler)ৰ বিস্ফোৰক শতকৰ সহায়ত কলোকাতা নাইট ৰাইডাৰ্ছ (kolkata knight riders)ৰ বিৰুদ্ধে ২১৭ ৰাণৰ বিশাল স্কোৰ থিয় কৰালে ৰাজস্থান ৰয়েলছে (rajasthan royals)। বাটলাৰে ৬১টা বলত ৫টা ছয় আৰু ৯টা চাৰিৰ সহায়ত ১০৩ ৰাণ কৰি আউট হয়। উল্লেখ্য যে চলিত আইপিএল ছিজনত বাটলাৰৰ এইটো দ্বিতীয় শতক। প্ৰথমটো শতক অৰ্জন কৰিছিল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে।

    আনহাতে অধিনায়ক সঞ্জু ছেমছনে ১৯টা বলত ৩৮, ছিমৰণ হেটমেয়াৰে ১৩টা বলত ২৬ আৰু দেৱদত্ত পড়িকল্লে ২৪ ৰাণ কৰে। মুঠ ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ৰাজস্থান ৰয়েলছে ২১৭ ৰাণ কৰে। এইবাৰ IPLত এইটোৱেই হৈছে যিকোনো দলৰ সৰ্বোচ্চ স্কোৰ।

    কলোকাতাৰ হৈ সুনীৰ নাৰাইনে ২টা, শিৱম মাভিয়ে ১টা, পেট কামিন্সে ১টা আৰু ৰাছেলে ১টাকৈ উইকেট দখল কৰে।
    Published by:Manjumoni Borah
    First published: