৭ নম্বৰত বেটিং কৰিবলৈ নামি ৩৮ ৰান। ষ্ট্ৰাইক ৰেট ১৩১.৫৭। এয়াই মহেন্দ্ৰ সিং ধোনী, এয়াই সকলোৰে প্ৰিয় মাহী। অৱসৰৰ পিছত কোনো আন্তৰ্জাতিক মেচ বা ঘৰুৱা টুৰ্ণামেণ্টত খেলা নাই ধোনীয়ে। প্ৰতিযোগিতামূলক ক্ৰিকেটত একমাত্ৰ খেল আইপিএল। তাৰ পিছত আইপিএল ২০২২ৰ প্ৰথমখন মেচতে অৰ্ধশতকৰ সুন্দৰ ইনিংছ খেলি মাহীয়ে প্ৰমাণ কৰিলে নিজৰ দক্ষতা।
চিএছকেৰ জাৰ্ছীত এয়া দুবছৰৰ পিছত মাহীৰ অৰ্ধশতক। শনিবাৰে কেকেআৰৰ বিৰুদ্ধে বেটিং কৰিবলৈ অহাৰ সময়ত চিএছকেৰ স্ক’ৰ আছিল ৬১ ৰানত পাঁচটা উইকেট। কিন্তু ধোনীৰ অৰ্ধশতৰানৰ ফলত প্ৰথমখন মেচত ১৩১ ৰানৰ লক্ষ্য বান্ধি দিবলৈ সক্ষম হয় চিএছকেই।
সাত নম্বৰত বেটিং কৰিবলৈ আহিল ধোনী। কেকেআৰে লগে লগে লৈ আহিল বৰুণ চক্ৰৱৰ্তীক। ইয়াৰ পূৰ্বে দুবাৰকৈ ধোনীক ব’ল্ড কৰিছে বৰুণে। ধোনীক পেভিলিয়নলৈ ওভতাই পঠিয়াব নোৱাৰিলেও বৰুণৰ বল কোনফালে ঘূৰিছে সেয়া অনুমান কৰিব পৰা নাছিল ধোনীয়ে। ৰাছেলে সুযোগ পালে শ্বৰ্ট বল কৰি ধোনীৰ পৰীক্ষা লৈছিল। ইউকেটত ধোনী আৰু ৰবীন্দ্ৰ জাদেজা থাকিলে ৰানৰ গতি দ্ৰুত হ’ব বুলিয়ে ধাৰণা কৰা হয়।
কিন্তু সেয়া ওলোটা হ’ল। এটাৰ পিছত আনটো ডট বল কৰি গ’ল নাৰিন, ৰাছেলে। শেষ তিনি অভাৰত কিছু আক্ৰমণাত্মক হয় চিএছকে। তিনিটা বাউণ্ডেৰী কোবালে ধোনীয়ে। কিন্তু জাদেজাই টাইমিং পোৱা নাছিল। ডেথ অভাৰত মাভিয়ে লুজ বল কৰিলে। ১৫ ৰান দিলে ধোনীক। আন্দ্ৰে ৰাছেলে খুব বেয়া বল কৰে শেষ অভাৰত। দুৰন্ত অৰ্ধশতৰান কৰিলে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি ধোনীয়ে।
ধোনীয়ে ৰান পালেও ৰবীন্দ্ৰ জাদেজাৰ অধিনায়কত্বত প্ৰথমবাৰ আইপিএল খেলিবলৈ নমা চিএছকেই কেকেআৰৰ হাতত পৰাস্ত হয়। ৯টা বল বাকী থাকোতেই ৬ উইকেটত জয়লাভ কৰে কেকেআৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 27, 2022, 13:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।