LSGয়ে বিনা উইকেটত ২১০ ৰাণ কৰি KKRৰ আগত জয়ৰ বাবে ২১১ ৰাণৰ লক্ষ্য বান্ধি দিছে।
LSGয়ে বিনা উইকেটত ২১০ ৰাণ কৰি KKRৰ আগত জয়ৰ বাবে ২১১ ৰাণৰ লক্ষ্য বান্ধি দিছে।
IPL 2022ৰ এখন খেলত আজি কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মহা প্ৰহাৰ কৰি ৰাণৰ পাহাৰ গঢ়িলে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। অপেনাৰ অধিনায়ক কে এল ৰাহুল আৰু কুইণ্টন ডি ককৰ মাৰমুখি বেটিঙৰ আগত ধুলিৰ দৰে উৰি গ'ল KKRৰ বলিং আক্ৰমণ।
কুইণ্টন ডি ককে সকলোকে স্তম্ভিত কৰি মাত্ৰ ৭০টা বলত অপৰাজিত ১৪০ ৰাণৰ বিশাল বৰঙণি আগবঢ়ায়। ডি ককে ১০টা ছয় আৰু ১০টা চাৰি কোবায়।
এইটোও পঢ়: IPL 2022: কে এল ৰাহুলে আইপিএলত গঢ়িলে অনন্য অভিলেখ, প্ৰথম ভাৰতীয় ক্ৰিকেটাৰৰ গৌৰৱ!
ইপিনে অধিনায়ক কে এল ৰাহুলে ৪টা ছয় আৰু ৩টা চাৰিৰ সহায়ত ৫১টা বলত অপৰাজিত ৬৮ ৰাণ কৰে। KKRৰ বলাৰসকলৰ বাবে লাজৰ কথাটো হ'ল অপেনাৰ যুটিটোৰ এজনকো আউট কৰিব নোৱাৰিলে।
এইটোও পঢ়ক: IPL 2022: এপিনে যদি ৰাণৰ ছুনামী, আনপিনে ৰেকৰ্ডৰ বৰষুণ, IPLৰ আজিৰ খেলত হ'ল এইকেইটা ৰেকৰ্ড
LSGয়ে বিনা উইকেটত ২১০ ৰাণ কৰি KKRৰ আগত জয়ৰ বাবে ২১১ ৰাণৰ লক্ষ্য বান্ধি দিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|