உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • KL Rahul: অভিলেখকাৰী শতকেৰে IPL 2022ত উজলিল কে এল ৰাহুল, বিৰাটৰ পিছতে ৰচিলে এই অভিলেখ

    KL Rahul: অভিলেখকাৰী শতকেৰে IPL 2022ত উজলিল কে এল ৰাহুল, বিৰাটৰ পিছতে ৰচিলে এই অভিলেখ

    IPL 2022: এই শতকৰ জৰিয়তে কে এল ৰাহুলে অধিনায়ক হিচাপে IPLত একাধিক শতক অৰ্জন কৰা দ্বিতীয়গৰাকী খেলুৱৈৰ অভিলেখ ৰচিলে।

    IPL 2022: এই শতকৰ জৰিয়তে কে এল ৰাহুলে অধিনায়ক হিচাপে IPLত একাধিক শতক অৰ্জন কৰা দ্বিতীয়গৰাকী খেলুৱৈৰ অভিলেখ ৰচিলে।

    IPL 2022: এই শতকৰ জৰিয়তে কে এল ৰাহুলে অধিনায়ক হিচাপে IPLত একাধিক শতক অৰ্জন কৰা দ্বিতীয়গৰাকী খেলুৱৈৰ অভিলেখ ৰচিলে।

    • Share this:
    লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (Lucknow Super Giants)ৰ অধিনায়ক কে এল ৰাহুলে (KL Rahul) শনিবাৰে মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians)ৰ বিৰুদ্ধে IPL 2022ৰ এখন খেলত দৰ্শনীয় শতকেৰে অভিলেথ ৰচনা কৰে। ২৯ বছৰীয়া কে এল ৰাহুলৰ এইখন আছিল শততম IPL খেল। শততম খেলতেই চেঞ্চুৰী কোবাই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (LSG)ক এক শক্তিশালী স্থিতিলৈ নিয়ে দলটোৰ অধিনায়ক ৰাহুলে।

    ৰাহুলৰ ৬০টা বলত ১০৩ ৰাণৰ অপৰাজিত ইনিংছৰ সহায়ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২০ অভাৰত ১৯৯ ৰাণ কৰিবলৈ সক্ষম হয়। ৩৩টা বলত ৫০ ৰাণ কৰাৰ পিছত অধিক আক্ৰমণাত্মক হৈ পৰিছিল ৰাহুল।

    উল্লেখ্য যে এই শতকৰ জৰিয়তে কে এল ৰাহুলে অধিনায়ক হিচাপে IPLত একাধিক শতক অৰ্জন কৰা দ্বিতীয়গৰাকী খেলুৱৈৰ অভিলেখ ৰচিলে। ইয়াৰ পূৰ্বে RCBৰ অধিনায়ক হিচাপে বিৰাট কোহলী (Virat Kohli)য়ে একাধিক শতক অৰ্জন কৰিছে। কোহলীয়ে ৫টা শতক কৰি অভিলেখ ৰচি থৈছে। ইয়াৰে ৪টাই কেৱল ২০১৬ চনত কৰা।

    ইয়াৰ উপৰি এটা দলৰ বিৰুদ্ধে দুটা শতক অৰ্জন কৰা চতুৰ্থজন খেলুৱৈৰ অভিলেখ ৰচিলে কে এল ৰাহুলে।
    Published by:Manjumoni Borah
    First published: