বাটলাৰৰ শতকেৰে ৰাজস্থানে ৫টা উইকেট হেৰুৱাই ২১৭ ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতাই ফিন্স আৰু শ্ৰেয়াছ আয়াৰৰ মাৰমুখী বেটিঙেৰে প্ৰথম ৮ অভাৰত ১টা উইকেট হেৰুৱাই ৯৩ ৰান সংগ্ৰহ কৰিছে।
বাটলাৰৰ শতকেৰে ৰাজস্থানে ৫টা উইকেট হেৰুৱাই ২১৭ ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতাই ফিন্স আৰু শ্ৰেয়াছ আয়াৰৰ মাৰমুখী বেটিঙেৰে প্ৰথম ৮ অভাৰত ১টা উইকেট হেৰুৱাই ৯৩ ৰান সংগ্ৰহ কৰিছে।
ৰাজস্থান ৰয়েলছৰ বেটছমেন জছ বাটলাৰে আই পি এল (IPL) ২০২২ ত তেওঁৰ দ্বিতীয় শতক অৰ্জন কৰিছে। বাটলাৰে যোৱাবাৰৰ ৰানাৰ্ছ আপ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চলিত ছিজনৰ দ্বিতীয়টো শতক অৰ্জন কৰিছিল। এজন অভিজ্ঞ সোঁহাতৰ বেটছমেন বাটলাৰে তেওঁৰ শতকীয় ইনিংছত ৫৯ টা বলত ৯টা চাৰি আৰু ৫ টা ছয় মাৰিছিল। এইটো বাটলাৰৰ আই পি এল কেৰিয়াৰৰ তৃতীয় শতক। বাটলাৰে ৯০ মিটাৰ ছয়ৰে তেওঁৰ শতক সম্পূৰ্ণ কৰিছিল।
কলকাতাৰ বিৰুদ্ধে বাটলাৰ ৬১ টা বলত ১০৩ ৰাণ কৰি আউট হয়। তেওঁ পেট কামিন্সৰ বলত বৰুণ চক্ৰৱৰ্তীৰ দ্বাৰা ধৰা পৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ উইকেটকিপাৰ জছ বাটলাৰে (আই পি এল চেঞ্চুৰী) ২ এপ্ৰিলত অভিলেখ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৬৮ টা বলত ১০০ ৰাণ সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত, তেওঁ ১১ টা চাৰি আৰু ৫ টা ছয় মাৰিছিল। বাটলাৰ তিনিটা শতক অৰ্জন কৰা প্ৰথম ৰাজস্থানৰ খেলুৱৈ হৈ পৰিছে।
বাটলাৰৰ শতকেৰে ৰাজস্থানে ৫টা উইকেট হেৰুৱাই ২১৭ ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতাই ফিন্স আৰু শ্ৰেয়াছ আয়াৰৰ মাৰমুখী বেটিঙেৰে প্ৰথম ৮ অভাৰত ১টা উইকেট হেৰুৱাই ৯৩ ৰান সংগ্ৰহ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|