IPL 2022ৰ আজি KKR আৰু LSGৰ মাজৰ খেলত লক্ষ্ণৌৰ দুই অপেনাৰ কুইণ্টন ডি কক আৰু কে এল ৰহুলে ৰাণৰ ছুনামী কৰাৰ সমানে সমানে ৰেকৰ্ডৰো বৰষুণ কৰে। আজি খেলখনত কেইবাটাও অভিলেখ গঢ়িলে এই দুজন ক্ৰিকেটাৰে। চাও আহক-
IPLৰ ইতিহাসত ২১০ ৰাণৰ সৰ্বোচ্চ অপেনিং যুটিৰ অভিলেখ।
IPLৰ ইতিহাসত যি কোনো উইকেটত ২১০ ৰাণৰ সৰ্বোচ্চ পাৰ্টনাৰশ্বীপৰ অভিলেখ।
এইটোও পঢ়: IPL 2022: কে এল ৰাহুলে আইপিএলত গঢ়িলে অনন্য অভিলেখ, প্ৰথম ভাৰতীয় ক্ৰিকেটাৰৰ গৌৰৱ!IPLৰ এটা ইনিংছত ২০ অভাৰলৈ এটাও উইকেট আউট নোহোৱাৰ অভিলেখ।
KKRৰ বিৰুদ্ধে যিকোনো উইকেটৰ সৰ্বোচ্চ পাৰ্টনাৰশ্বীপৰ অভিলেখ।
কুইণ্টন ডি কক হ'ল IPLৰ ইতিহাসত তৃতীয় সৰ্বোচ্চ ৰাণ কৰা বেটছমেন। প্ৰথম স্থানত আছে ক্ৰিছ গেইল (অপৰাজিত ১৭৫ ৰাণ) আৰু দ্বিতীয় স্থানত আছে ব্ৰেণ্ডন মেককুলাম (অপৰাজিত১৫৮ ৰাণ)।
এইটোও পঢ়ক: IPL 2022: কুইণ্টন ডি ককৰ ৰাণৰ ছুনামী, ৭০টা বলত অপৰাজিত ১৪০ ৰাণ
এইখন খেলতে কে এল ৰাহুলে একেৰাহে ৫খন আইপিএলত ৫০০ৰ অধিক ৰাণ কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰৰ গৌৰৱ অৰ্জন কৰিলে।
IPL 2022ৰ এই পৰ্যন্ত সৰ্বোচ্চ ৰাণ কৰা বেটছমেন হ'ল কুইণ্টন ডি কক (অপৰাজিত ১৪০ ৰাণ)।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|