IPL Final 2022, RR vs GT: আজি গুজৰাটৰ আহমেদাবাদত মুখামুখি হ'ব দুই দল। ৰাজস্থান ৰয়েলছে প্ৰথমটো IPL খিতাপ দখল কৰাৰ বিপৰীতে গুজৰাট টাইটানছে প্ৰথম বাৰতে ফাইনেলত প্ৰবেশ কৰিছে।
IPL Final 2022, RR vs GT: আজি গুজৰাটৰ আহমেদাবাদত মুখামুখি হ'ব দুই দল। ৰাজস্থান ৰয়েলছে প্ৰথমটো IPL খিতাপ দখল কৰাৰ বিপৰীতে গুজৰাট টাইটানছে প্ৰথম বাৰতে ফাইনেলত প্ৰবেশ কৰিছে।
কোনো ভাগ্য বা চমতকাৰৰ বলত নহয় লীগৰ প্ৰথম আৰু দ্বিতীয় দল হিচাপে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিষ্ঠা কৰি IPL 2022ৰ ফাইনেলত উপনীত হৈছে গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ। আজি গুজৰাটৰ আহমেদাবাদত মুখামুখি হ'ব দুই দল। ৰাজস্থান ৰয়েলছে প্ৰথমটো IPL খিতাপ দখল কৰাৰ বিপৰীতে গুজৰাট টাইটানছে প্ৰথম বাৰতে ফাইনেলত প্ৰবেশ কৰিছে। দুয়োটা দলেই দৰ্শনীয় ক্ৰিকেটেৰে নিজৰ শক্তি প্ৰতিপন্ন কৰিছে।
প্ৰথমবাৰৰ বাবে আইপিএলৰ এটা দলৰ নেতৃত্ব দিয়া হাৰ্দিক পাণ্ড্যাক অধিনায়ক হিচাপে প্ৰশংসা কৰা হৈছে যদিও ৰাজস্থান ৰয়েলছক চাৰি বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আইপিএল প্লে অফলৈ লৈ যোৱাৰ বাবে কৃতিত্ব সঞ্জু চেমছনক দিয়া উচিত।
কিংবদন্তি প্ৰয়াত শ্বেন ৱাৰ্ণৰ পিছত ৰাজস্থান ৰয়েলছৰ একমাত্ৰ অধিনায়ক হিচাপে দলটোক আই পি এলৰ ফাইনেললৈ নিবলৈ সক্ষম হৈছে চেমছন। ২০০৮ চনত ৱাৰ্নে এই কামটো অসাধাৰণ শৈলীত কৰিছিল য’ত দলটোৱে ট্ৰফী তুলি লৈছিল। আই পি এল ২০২২ আৰম্ভ হোৱাৰ তিনি সপ্তাহ পূৰ্বে দুখজনকভাৱে মৃত্যু হোৱা ৱাৰ্ণক উপযুক্ত শ্ৰদ্ধাঞ্জলি যাঁচিব পাৰে চেমছনে। হয়তো, ৱাৰ্ণৰ আশীৰ্বাদ RRৰ ওপৰত আছে আৰু দলটোৰ ভাগ্যত খিতাপ জয় কৰা যোগ আছে আৰু সেয়ে হয়তো দলটোৱে সকলো সময়তে সঠিক পদক্ষেপ গ্ৰহণ কৰিছে।
জোছ বাটলাৰৰ ৰূপত ৰাজস্থানৰ লাইন-আপত আছে প্ৰতিযোগিতাখনত সৰ্বাধিক ৰাণ-সংগ্ৰহকাৰী বেটছমেন; ২৬টা উইকেট লৈ যুজজবেন্দ্ৰ চাহাল (বৰ্তমান ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ ৱানিন্দু হাছাৰাঙাৰ সৈতে যৌথভাৱে) সৰ্বাধিক উইকেট গ্ৰহণকাৰী বলাৰ আছে; সৰ্বাধিক আউট কৰা উইকেটৰক্ষক আছে চেমচন নিজেই; আৰু লগতে দুখন যাদুকৰী হাতৰ গৰাকী ৰিয়ান পৰাগ, যিয়ে ১৬টা কেচ লৈছে, ইয়াৰে অধিকাংশই বাউণ্ডেৰীত।
ৰয়েলছে সৰহসংখ্যক মেচত মুঠ ৰাণ ডিফেণ্ডিং কৰি জয়লাভ কৰিছে – তেওঁলোকৰ ১০ খন জয়ৰ ভিতৰত সাতখন জয় প্ৰথমে বেটিং কৰি আহিছে – বিপৰীতে টাইটানছ হৈছে মহৎ চেজাৰ। ৪ নং স্থানত টুৰ্ণামেণ্টখনত নিজৰ ইনিংছটো প্ৰতিবাৰে যথেষ্ট ভালদৰে সজাইছে পাণ্ডিয়াই। গড়ে ৪৫.৩০কৈ ৪৫৩ ৰান কৰি টাইটানছৰ শীৰ্ষ স্ক’ৰাৰ হৈছে পাণ্ডিয়া।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|