চলিত IPL ছিজনত প্লেঅফত খেলিবলগীয়া চাৰিওটা দলৰ নাম অৱশেষত চুড়ান্ত হ'ল। ইতিমধ্যে গুজৰাট, ৰাজস্থান আৰু লক্ষ্ণৌ দলে প্লেঅফ (Playoffs)ত নিজৰ স্থান নিশ্চিত কৰিছিল। শনিবাৰে দিল্লী আৰু মুম্বাইৰ মাজত খেলা ৬৯ সংখ্যক খেলৰ পিছত চতুৰ্থ দলৰ নামো নিশ্চিত হয়। মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians)ৰ জয়ৰ লগে লগে ৰয়েল চেলেঞ্জাৰৰ্ছ বাংগালোৰ (RCB) দল প্লেঅফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয়।
এই ছিজনত প্ৰথমবাৰৰ বাবে খেলা গুজৰাট টাইটানছে (Gujrat Titans) পইণ্ট টেবুলৰ শীৰ্ষত থাকি প্লেঅফত স্থান নিশ্চিত কৰিছে। প্লেঅফত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় গুজৰাট টাইটানছ। ইয়াৰ পিছতে ৰাজস্থান ৰাজস্থান (Rajasthan Royals) দলটোৱে শেষৰখন লীগ মেচত চেন্নাই ছুপাৰ কিংছ (Chennai Super Kings)ৰ বিৰুদ্ধে জয়লাভ কৰি দ্বিতীয় স্থান দখল কৰিছিল। তৃতীয় নম্বৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (Lucknow Super Giants) দল প্লেঅফলৈ যায়। LSGৰ পইণ্ট ৰাজস্থানৰ সমান যদিও নেট ৰাণ ৰেটত পিছ পৰি আছিল।
তিনিটা দলৰ নাম নিৰ্ণয় হোৱাৰ পিছত সকলোৰে চকু আছিল প্লেঅফলৈ যোৱা শেষ দলটো কোনটো হ’ব। RCB বা Delhi Capitals (DC)ৰ মাজত এটা দলেহে প্লেঅফলৈ যোৱাৰ সম্ভাৱনা আছিল। দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয় লাভ কৰিলেই প্লেঅফলৈ যাব পাৰিলেহেতেন আৰু লগে লগে RCBৰ IPL যাত্ৰাৰ অন্ত পৰিলহেতেন। একে সময়তে দিল্লীৰ পৰাজয়ৰ অৰ্থ হ’ল বেংগালুৰুৰ প্লেঅফত প্ৰবেশ নিশ্চিত। আৰু মুম্বাইৰ বিৰুদ্ধে খেলত সেয়াই ঘটিল, ৫ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল দিল্লী কেপিটেলছ।
দিল্লী কেপিটেলছৰ পৰাজয়ৰ লগে লগে RCBৰ দলটোৱে প্লেঅফত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। RCBৰ ১৬ পইণ্ট আছিল যদিও দিল্লীৰ তুলনাত নেট ৰাণ ৰেটত পিছ পৰি আছিল আৰু সেয়েহে দিল্লী জয়ী হ’লে RCBৰ যাত্ৰা শেষ হ’লহেঁতেন। কিন্তু দিল্লীৰ দলটোৱে শেষৰখন মেচত জয়ী হ’ব নোৱাৰিলে আৰু ১৪ পইণ্ট লৈ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হ'ব লগা হ'ল।