মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »India to host IOC session: চাৰি দশকৰ পিছত মুম্বাইত হ'ব আন্তৰ্জাতিক অলিম্পিক সমিতিৰ বৈঠক, IOCৰ সদস্য নীতা আম্বানিৰ অৱদানক প্ৰশংসা

India to host IOC session: চাৰি দশকৰ পিছত মুম্বাইত হ'ব আন্তৰ্জাতিক অলিম্পিক সমিতিৰ বৈঠক, IOCৰ সদস্য নীতা আম্বানিৰ অৱদানক প্ৰশংসা

নীতা আম্বানিয়ে অলিম্পিক ছিজন ২০২৩ উপলক্ষে সুবিধাবঞ্চিত সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে নিৰ্দিষ্ট ক্ৰীড়া বিকাশ কাৰ্যসূচীৰ এটা শৃংখলা আৰম্ভ কৰাৰ প্ৰস্তাৱো দিছিল।

নীতা আম্বানিয়ে অলিম্পিক ছিজন ২০২৩ উপলক্ষে সুবিধাবঞ্চিত সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে নিৰ্দিষ্ট ক্ৰীড়া বিকাশ কাৰ্যসূচীৰ এটা শৃংখলা আৰম্ভ কৰাৰ প্ৰস্তাৱো দিছিল।

নীতা আম্বানিয়ে অলিম্পিক ছিজন ২০২৩ উপলক্ষে সুবিধাবঞ্চিত সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে নিৰ্দিষ্ট ক্ৰীড়া বিকাশ কাৰ্যসূচীৰ এটা শৃংখলা আৰম্ভ কৰাৰ প্ৰস্তাৱো দিছিল।

  • Share this:
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ ২০২৩ চনৰ পৰৱৰ্তী বৈঠক ভাৰতৰ মুম্বাইত অনুষ্ঠিত হ'ব। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ অধিৱেশন ২০২২ত হোৱা ভোটদানত ভাৰতে ৭৬টা ভোটৰ ভিতৰত ৭৫টা ভোট লাভ কৰিছিল। উল্লেখ্য আইঅ'চি অধিৱেশন হৈছে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সদস্য ৰাষ্ট্ৰসমূহৰ এখন ৰাজহুৱা সভা। এয়া আইঅ'চিৰ সৰ্বোচ্চ বৈঠক বুলি পৰিচিত। এই সভাতে অলিম্পিকৰ স্থানকে ধৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। এতিয়া আইঅ'চিৰ ২০২৩ চনৰ সাধাৰণ সভা মুম্বাইৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰত (Jio World Convention Centre ) অনুষ্ঠিত হ'ব।

ভাৰতৰ পৰা আইঅ'চি সদস্য হিচাপে নিৰ্বাচিত হোৱা দেশৰ প্ৰথমগৰাকী মহিলা নীতা আম্বানিক লৈ গঠিত ভাৰতীয় প্ৰতিনিধি দলৰ এইক্ষেত্ৰত আছিল অভূতপূৰ্ব অৱদান। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (IOC) সদস্য নীতা আম্বানিয়ে (Nita Ambani)  বৈঠকৰ বাবে ভাৰত বাছনি হোৱা সন্দৰ্ভত কয়, "এনে এক সন্মানীয় অলিম্পিক সমিতিৰ শীৰ্ষ বৈঠক আয়োজন কৰিবলৈ ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়াটো গৌৰৱৰ বিষয়।" তেওঁ লগতে কয়- "ভাৰতৰ অলিম্পিক হোষ্টিঙৰ যি সপোন, সেই ক্ষেত্ৰত এইটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব আৰু ভাৰতীয় ক্ৰীড়াত এক নতুন যুগৰ সূচনা হ'ব। (SIGNIFICANT DEVELOPMENT FOR INDIA’S OLYMPIC ASPIRATIONS)"



"ক্ৰীড়া সদায়ে বিশ্বৰ লাখ লাখ লোকৰ বাবে আশা আৰু অনুপ্ৰেৰণাৰ পোহৰ হৈ আহিছে। আমি আজি বিশ্বৰ অন্যতম কনিষ্ঠ দেশ আৰু মই উৎসাহিত যে ভাৰতৰ যুৱপ্ৰজন্মই অলিম্পিকৰ যাদুৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিছে। এই অংশীদাৰীত্ব অধিক শক্তিশালী কৰা আৰু অনাগত বছৰবোৰত ভাৰতত অলিম্পিক গেমছ আয়োজন কৰাটো আমাৰ সপোন।" তেওঁ লগতে এইদৰে প্ৰকাশ কৰে।

ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দি নীতা আম্বানিয়ে (IOC member Mrs Nita Ambani) ভাৰতত আইঅ'চিৰ আগন্তুক বৈঠকৰ বাবে জোৰদাৰ ওকালতি কৰিছিল। আইঅ'চিৰ বাৰ্ষিক সভা আয়োজনৰ বাবে মুম্বাই তথা ভাৰত বাছনিভুক্ত হোৱাৰ আনন্দ প্ৰকাশ কৰি নীতা আম্বানিয়ে পুনৰ কয়- "৪০ বছৰৰ অপেক্ষাৰ পিছত অলিম্পিক আন্দোলন ভাৰতলৈ ঘূৰি আহিছে! ২০২৩ চনত মুম্বাইত আইঅ'চি অধিৱেশন আয়োজনৰ সন্মান ভাৰতক হস্তান্তৰ কৰাৰ বাবে মই আন্তৰ্জাতিক অলিম্পিক সমিতিৰ ওচৰত কৃতজ্ঞ। ই ভাৰতীয় ক্ৰীড়াৰ বাবে এক নতুন যুগৰ সূচনা কৰিব।''

নীতা আম্বানিয়ে অলিম্পিক ছিজন ২০২৩ উপলক্ষে সুবিধাবঞ্চিত সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে নিৰ্দিষ্ট ক্ৰীড়া বিকাশ কাৰ্যসূচীৰ এটা শৃংখলা আৰম্ভ কৰাৰ প্ৰস্তাৱো দিছিল।



উল্লেখ্য, এই গুৰুত্বপূৰ্ণ ঘোষণাৰ পিছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই টুইটাৰযোগে নীতা আম্বানিক '২০২৩ চনৰ অধিৱেশন মুম্বাইলৈ অনাৰ প্ৰচেষ্টা'ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, তেওঁ লিখে- ''মুম্বায়ে ২০২৩ চনৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিৱেশন আয়োজন কৰাটো কেৱল এটা সৰু বিষয় নহয়। এইটো কেৱল এটা গৌৰৱেই নহয়, ভাৰতক ক্ৰীড়া দিগন্তত আগুৱাই নিয়াৰ এটা সুযোগ। ধন্যবাদ নীতা আম্বানি।''



উল্লেখ্য, ভাৰতীয় প্ৰতিনিধি দলটোত নীতা আম্বানি, ভাৰতীয় অলিম্পিক সংস্থাৰ (IOA) সভাপতি ড০ নৰিন্দৰ বাত্ৰা, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ (Anurag Singh Thaku) আৰু অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰা অন্তৰ্ভুক্ত আছিল।

ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি ড০ নৰিন্দৰ বাত্ৰাই (Narinder Batra) এক বিবৃতিত কয়, "শ্ৰীমতী নীতা আম্বানিক তেওঁৰ দৃষ্টিভংগী আৰু নেতৃত্ব আৰু মোৰ সকলো আইঅ'চি সহকৰ্মীক সমৰ্থন কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। অহা বছৰ আপুনি মুম্বাইৰ বৈঠকৰ বাবে অপেক্ষা কৰিব। এইটোৱে ভাৰতৰ খেলৰ বাবে এক নতুন যুগৰ আৰম্ভণি চিহ্নিত কৰিছে।''

উল্লেখ্য, ২০৩০ চনৰ শীতকালীন অলিম্পিকৰ বাবে আয়োজক চহৰখন ২০২৩ চনত আইঅ'চি অধিৱেশনৰ সময়ত বাছনি কৰা হ'ব বুলি আশা কৰা হৈছে, যিটো অহা বছৰৰ মে' বা জুনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

শেহতীয়া বাতৰি