মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »India vs Sri Lanka ODI : শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া খেলত ভাৰতৰ অভিলেখ, ভংগ কৰিলে নিউজিলেণ্ডৰ ৰেকৰ্ড

India vs Sri Lanka ODI : শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া খেলত ভাৰতৰ অভিলেখ, ভংগ কৰিলে নিউজিলেণ্ডৰ ৰেকৰ্ড

২০০৭ চনৰ মাৰ্চ মাহত ভাৰতে বিশ্বকাপৰ এখন খেলত ৱেষ্ট ইণ্ডিয়জক ২৫৭ ৰানত পৰাস্ত কৰিছিল।

২০০৭ চনৰ মাৰ্চ মাহত ভাৰতে বিশ্বকাপৰ এখন খেলত ৱেষ্ট ইণ্ডিয়জক ২৫৭ ৰানত পৰাস্ত কৰিছিল।

২০০৭ চনৰ মাৰ্চ মাহত ভাৰতে বিশ্বকাপৰ এখন খেলত ৱেষ্ট ইণ্ডিয়জক ২৫৭ ৰানত পৰাস্ত কৰিছিল।

  • Share this:
এদিনীয়া ক্ৰিকেটত নতুন অভিলেখ গঢ়িলে টীম ইণ্ডিয়াই। আজি তৃতীয়খন এদিনীয়া (IND vs SL)ত শ্ৰীলংকাক ৩১৭ ৰানত পৰাস্ত কৰে ভাৰতে। এদিনীয়া ক্ৰিকেটৰ ইতিহাসত এয়া সৰ্ববৃহৎ জয়। আৰু ভাৰত এই অভিলেখৰ গৰাকী হয়।

খেলখনত প্ৰথমে খেলি টীম ইণ্ডিয়াই ৫ উইকেটত ৩৯০ ৰানৰ বিশাল স্ক’ৰ কৰে। বিৰাট কোহলি আৰু শুভমন গীলে শতকীয় ইনিংছ খেলে। শ্ৰীলংকাৰ দলটোৱে মাত্ৰ ২২ অভাৰ খেলি ৭৩ ৰান কৰে। ভাৰতৰ বেগী বলাৰ মহম্মদ ছিৰাজে বলিং কৰি ৩২ ৰানত ৪ উইকেট দখল কৰে। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে এদিনীয়া শৃংখলাত ৩-০ গ’লত ক্লিন ছুইপ কৰে। উল্লেখ্য, শ্ৰীলংকাৰ দলটোৱে ঘৰুৱা ক্ষেত্ৰত এদিনীয়া শৃংখলাত ভাৰতক কেতিয়াও পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই।

আজি ভাৰতে এই অভিলেখেৰে নিউজিলেণ্ডৰ নামত থকা অভিলেখ ভংগ কৰে। ২০০৮ চনত নিউজিলেণ্ডে আয়াৰলেণ্ডক ২৯০ ৰানত পৰাস্ত কৰিছিল।

শ্ৰীলংকাৰ দলটোৱে মাত্ৰ ৩৭ ৰানতে ৫টা উইকেট হেৰুৱাইছিল। অধিনায়ক দছুন চনকাৰ পৰা কিছু আশা কৰা হৈছিল যদিও মাত্ৰ ১১ ৰান সংগ্ৰহ কৰি বাওঁহাতৰ স্পিনাৰ কুলদীপ যাদৱৰ বলত আউট হয়। ছিৰাজৰ উপৰি মহম্মদ ছামি আৰু কুলদীপ যাদৱেও ২টাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে এদিনীয়াত টীম ইণ্ডিয়াৰ সৰ্ববৃহৎ জয় আছিল ২৫৭ ৰান। ২০০৭ চনৰ মাৰ্চ মাহত ভাৰতে বিশ্বকাপৰ এখন খেলত ৱেষ্ট ইণ্ডিয়জক ২৫৭ ৰানত পৰাস্ত কৰিছিল। এই মেচখন ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈছিল। প্ৰথমে বেটিং কৰি ভাৰতে ৫ উইকেটত ৪১৩ ৰান সংগ্ৰহ কৰিছিল। ৱেষ্ট ইণ্ডিজে ১৫৬ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে।

শেহতীয়া বাতৰি