কমনৱেলথ গেমছ (Commonwealth Games 2022)ত ভাৰতীয় মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ (Indian Women's Hockey Team) কৰিবলৈ সক্ষম হৈছে। নিউজীলেণ্ডৰ বিৰুদ্ধে হোৱা খেলখনত শ্বুটআউটৰ জৰিয়তে ভাৰতীয় দলটোক বিজয়ী ঘোষণা কৰা হৈছে। অৱশ্যে নিউজীলেণ্ড (Newzealand)ৰ মহিলা খেলুৱৈ সকলে মেচখনৰ শেষমুহুৰ্তলৈকে তেঁওলোকৰ বিজয়ৰ সম্ভাৱনা সজীৱ কৰি ৰাখিছিল। দুয়োটা দলেই ১-১ গ'ল কৰাৰ বাবে অৱশেষত শ্বুটআউটৰ জৰিয়তে ফলাফল নিৰ্ণয়ৰ সিদ্ধান্ত লোৱা হয় আৰু ইয়াৰ পিছতে ভাৰতীয় মহিলা খেলুৱৈ সকলে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
খেলখনত প্ৰথমে ভাৰতে ১-০ গ'লত অগ্ৰগতি লাভ কৰিছিল যদিও শেষমুহুৰ্তত নিউজীলেণ্ডেও গ'ল দিয়াত ১-১ত অমীমাংসিত হৈ ৰয়।
ইয়াৰ পিছতে দুয়োটা দলে শ্বুটআউট পদ্ধতিত প্ৰতিযোগিতাত অৱতীৰ্ণ হয় য'ত ভাৰতীয় দলে বিজয় অৰ্জন কৰে। ইয়াৰ জৰিয়তে পুনৰ কমনৱেলথ (CWG 2022)ত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি পায়।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 07, 2022, 23:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।