CWG 2022 : ইতিহাস ৰচি কমনৱেল্থ গেমছত স্বৰ্ণ জয় কৰিলে অসমৰ নয়নমনি শইকীয়াই, লনবলত দলীয় শাখাত ভাৰতৰ সোণৰ পদক
CWG 2022 : ইতিহাস ৰচি কমনৱেল্থ গেমছত স্বৰ্ণ জয় কৰিলে অসমৰ নয়নমনি শইকীয়াই, লনবলত দলীয় শাখাত ভাৰতৰ সোণৰ পদক
বাৰ্মিংহামত চলি থকা কমনৱেল্থ গেমছ ২০২২ত ভাৰতৰ মহিলা লনৱল দলে সোণৰ পদক জয় কৰি ৰচিলে ইতিহাস। ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় মহিলা দলে। ভাৰতীয় দলৰ অংশ অসমৰ খেলুৱৈ নয়নমনি শইকীয়াই অসমবাসীক দিলে গেমছৰ প্ৰথমটো সোণৰ পদকৰ সোৱাদ।
ভাৰতৰ দলটোত আছে অসমৰ সুদক্ষ খেলুৱৈ নয়নমনি শইকীয়া। স্বৰ্ণজয়ী ভাৰতীয় মহিলা দলটোত আছিল লাভলী চৌবে (Lovely Choubey), ৰূপা ৰাণী তিৰ্কী (Rupa Rani Tirkey), পিংকী (Pinki) আৰু অসমৰ নয়নমনি শইকীয়া (Nayanmoni Saikia)।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|