உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Bismah Maroof Baby|Team India: হিংসা ঘৃণা আৰু ৰাজনীতিৰ উৰ্ধত এখন ফটো, বিছমা মাহৰুফৰ কণমানিলৈ টীম ইণ্ডিয়াৰ অকৃত্ৰিম চেনেহৰ নিদৰ্শন

    Bismah Maroof Baby|Team India: হিংসা ঘৃণা আৰু ৰাজনীতিৰ উৰ্ধত এখন ফটো, বিছমা মাহৰুফৰ কণমানিলৈ টীম ইণ্ডিয়াৰ অকৃত্ৰিম চেনেহৰ নিদৰ্শন

    Bismah Maroof Baby|Team India: ফটোট দেখা গৈছে পাকিস্তনী মহিলা ক্ৰিকেট দলৰ অধিনায়ক বিছমাহ মাৰুফ আৰু তেওঁৰ কণমানি কন্যাক ঘেৰি লৈ ছেল্ফি তোলাত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল।

    • Share this:
    দুই দেশৰ মাজত জন্মাৱধি দুৰ্ঘোৰ বৈৰীতা, সীমান্তত প্ৰতি নিয়ত বন্দুকৰ গৰ্জন, সত্বাধাৰীসকলৰ মুখত অনৰ্গল বিষবাক্য...তাৰ মাজতে দেওবাৰে সীমাৰ ইপাৰ-সিপাৰ আৱৰি ধৰি ভাইৰেল হৈ পৰিল এখন বিশেষ ফটো।

    সুধাকণ্ঠ ভূপেন হাজৰিকাই ঠিকেই কৈছিল...এই পৃথিৱী এক ক্ৰড়াংগন...ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই ক্ৰীড়াংগনৰ পৰাই যে শান্তিৰ এক নতুন বীজৰ অংকুৰণ ঘটিছে দেওবাৰে মহিলা বিশ্বকাপ ক্ৰিকেটৰ খেলপথাৰৰ পৰা। এই ফটোখনে তেনে হাজাৰ হাজাৰ শান্তিৰ বাৰ্তাকেই যেন কঢ়িয়াই আনিছে।

    দেওবাৰে মহিলা বিশ্বকাপ ক্ৰিকেট (ICC Women's World Cup 2022)ত ভাৰত-পাকিস্তান (Ind Vs Pak) মুখামুখি হৈছিল। ভাৰতৰ হাতত পাকিস্তান হৈছিল পৰাজিত। ১০৭ ৰাণৰ বৃহত ব্যৱধানত পাকিস্তানক পৰাস্ত কৰিছিল ভাৰতে। কিন্তু এই ফটোখনত সেই জয়-পৰাজয়ৰ কোনো ৰেশ নাই। কেৱল ছেল্ফী উঠাই নহয় বিছমাৰ কণমানিটিক লৈ আনন্দৰ যেন শেষ নাই টীম ইণ্ডিয়াৰ।

    ফটোট দেখা গৈছে পাকিস্তনী মহিলা ক্ৰিকেট দলৰ অধিনায়ক বিছমা মাৰুফ (Bismah Maroof) আৰু তেওঁৰ কণমানি কন্যাক ঘেৰি লৈ ছেল্ফি তোলাত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। ভাতীয় দলটোৰ প্ৰতিজনেই অতি আনন্দেৰে ছেল্ফি উঠিছে বিছমাহ আৰু তেওঁৰ কণমানি কন্যাৰ সৈতে। বিছমাৰ মুখতো উদ্ভাসিত হৈছে আনন্দৰ পোহৰৰ জিলিকনি। এইয়া এক অতি দুৰ্লভ ফটো বুলিয়েই ছচিয়েল মিডিয়াত মন্তব্য কৰিছে বহু লোকে।
    Published by:Manjumoni Borah
    First published: