• Home
  • »
  • News
  • »
  • sports
  • »
  • Shubhman GIll Centuries: শুভমান গিল কমসংখ্যক মেচত ৪ টা শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে ...

Shubhman GIll Centuries: শুভমান গিল কমসংখ্যক মেচত ৪ টা শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে ...

মাত্ৰ এসপ্তাহ আগতে দ্বিশতক অৰ্জন কৰা শুভমান গিলে নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ১১২ ৰাণৰ সুন্দৰ ৰাণ সংগ্ৰহ কৰে। তেওঁ তেওঁৰ ৭৮ বলৰ ইনিংছত ১৩ টা চাৰি আৰু ৫ টা আকাশচুম্বী ছিক্সাৰ মাৰিছিল।

  • Share this:
সম্প্ৰতি ৰাণৰ বৰষুণত তিতি থকা শুভমান গিলে আন এটা শতক অৰ্জন কৰিছে। মাত্ৰ এসপ্তাহ আগতে দ্বিশতক অৰ্জন কৰা শুভমান গিলে নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ১১২ ৰাণৰ সুন্দৰ ৰাণ সংগ্ৰহ কৰে। তেওঁ তেওঁৰ ৭৮ বলৰ ইনিংছত ১৩ টা চাৰি আৰু ৫ টা আকাশচুম্বী ছিক্সাৰ মাৰিছিল। গিলে এই ইনিংছৰ সময়ত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ২১২ ৰাণৰ যুটী বান্ধে, যিটো নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সৰ্বাধিক প্ৰাৰম্ভিক যুটী। ৰোহিত শৰ্মাও শতক অৰ্জন কৰে।

এইটো শুভমান গিলৰ চতুৰ্থ এদিনীয়া শতক। গিল এই শতকৰ সৈতে সীমিত অভাৰৰ ক্ৰিকেটত কমসংখ্যক মেচত ৪ টা শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ হৈ পৰিছে। এইখন তেওঁৰ ২১ তম খেল। শুভমানৰ আগতে, এই ৰেকৰ্ডটো শিখৰ ধাৱানৰ নামত আছিল। তেওঁ ২৪ তম এদিনীয়া ইনিংছত চতুৰ্থ শতক অৰ্জন কৰিছিল। শুভমান গিলে হায়দৰাবাদত নিউজিলেণ্ডৰ বিৰুদ্ধে ২০৮ ৰাণ সংগ্ৰহ কৰিছিল।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি