পহিলা জানুৱাৰীত অসমৰ খেলৰ বাবে সু-খবৰ। ভাৰতবৰ্ষৰ কিংবদন্তি খেলুৱৈ ভাৰতীয় অলিম্পিক সংস্থাৰ সভানেত্ৰী অলিম্পিয়ান তথা ৰাজ্যসভাৰ সাংসদ পিটি ঊষাই দুদিনীয়া ভ্ৰমণসূচী লৈ ২০ জানুৱাৰীত গুৱাহাটীত আহি উপস্থিত হ'ব।
অসমৰ খেলৰ উত্তৰণৰ স্বাৰ্থত গুৱাহাটীত মুখ্যমন্ত্ৰী আৰু ক্ৰীড়া সাংবাদিক, সংগঠকৰ সৈতে সুকীয়াকৈ আলোচনাত মিলিত হ'ব পিটি ঊষা। পিয়লী এক্সপ্ৰেছ ভাৰতীয় অলিম্পিকৰ মুৰব্বী পিটি ঊষা আহিব গুৱাহাটীলৈ।
ভাৰতৰ কিংবদন্তি খেলুৱৈ তথা ৰাজ্যসভাৰ সাংসদ পিটি ঊষাই ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰলৈ আহিব গুৱাহাটীলৈ। গুৱাহাটীত তেওঁ প্ৰথমে মুখ্যমন্ত্ৰী, তাৰ পিছত ক্ৰীড়া সংগঠকৰ সৈতে মত বিনিময় কৰাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰিব। ছাত্ৰ ক্ৰীড়া যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে এই কথা জানিবলৈ দিয়ে।
কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ যাব বিচাৰিছে পিটি ঊষাই। পিটি ঊষাৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে সাংসদগৰাকীক ২০ জানুৱাৰীৰ নিশা কাজিৰঙালৈ লৈ যাব। দেশৰ বিভিন্ন স্থানত আছে পিটি ঊষা এথলেটিকছ একাডেমী। তেনে আৰ্হিতে গুৱাহাটীতো পিটি ঊষা এথলেটিকছ একাডেমী স্থাপনৰ সিদ্ধান্তৰ কথা NEWS18ক অৱগত কৰে গীতাৰ্থ গোস্বামীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।