মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Lovlina Borgohain: টকিঅ'ত লাভলীনাই উৰুৱালে ত্ৰিৰংগা, আজি অসমীয়াই স্পৰ্শ কৰিলে প্ৰথমটো অলিম্পিক পদক

Lovlina Borgohain: টকিঅ'ত লাভলীনাই উৰুৱালে ত্ৰিৰংগা, আজি অসমীয়াই স্পৰ্শ কৰিলে প্ৰথমটো অলিম্পিক পদক

তুৰস্কৰ বুছানেজৰ স্বৰ্ণপদক লাভ, ৰূপৰ পদক পালে চীনৰ হং গুৱে, ব্ৰঞ্জৰ পদক লাভলীনা আৰু জেমছে অৰ্জন কৰে।

তুৰস্কৰ বুছানেজৰ স্বৰ্ণপদক লাভ, ৰূপৰ পদক পালে চীনৰ হং গুৱে, ব্ৰঞ্জৰ পদক লাভলীনা আৰু জেমছে অৰ্জন কৰে।

তুৰস্কৰ বুছানেজৰ স্বৰ্ণপদক লাভ, ৰূপৰ পদক পালে চীনৰ হং গুৱে, ব্ৰঞ্জৰ পদক লাভলীনা আৰু জেমছে অৰ্জন কৰে।

  • Share this:

দেওবাৰে টকিঅত সামৰণি পৰিব ৩২সংখ্যক টকিঅ' অলিম্পিক গেমছ। ২৩ জুলাইত আৰম্ভ হোৱা বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধত প্ৰথমবাৰ অংশলৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে অসমৰ লাভলীনা বৰগোহাঁয়ে। ১ আগষ্টতে ভাৰতৰ মহিলা তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে যদিও নিজৰ পদকটো শনিবাৰেহে নিজ হাতেৰে চুই চাব পাৰিলে তেওঁ।


শনিবাৰে মহিলাৰ ৱেলটাৰ ৱেটৰ স্বৰ্ণপদকৰ যুঁজখন অনুষ্ঠিত হৈছিল, য'ত ছেমি ফাইনেলত লাভলীনা বৰগোহাঁইক পৰাস্ত কৰা তুৰস্কৰ বুছানেজ চুৰমেনেলীয়ে ফাইনেলত চীনৰ শক্তিশালী বক্সাৰ হং গুক পৰাজিত কৰি স্বৰ্ণপদক লাভ কৰে। বুছানেজৰ হাতত পৰাজয়ৰ সূত্ৰে হং গুৱে ৰূপৰ পদক লাভ কৰে।


আনহাতে ৬৯ কেজি ৱেট কেটেগৰীত দুয়োখন ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বী  খেলুৱৈৰ হাতত পৰাজিত হোৱা ভাৰতবৰ্ষৰ লাভলীনা বৰগোহাঁই আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেমছ অছায়ে ক্ৰমে ব্ৰঞ্জৰ পদক লাভ কৰে। নিৰ্দিষ্ট খেলখনৰ ফাইনেল খেলখন যিহেতু শনিবাৰে সামৰণি পৰিল সেয়ে তুৰস্ক, চীন, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বক্সাৰ চাৰিগৰাকীয়ে শনিবাৰে খেলৰ শেষতহে হাতত নিজৰ নিজৰ পদক তুলি লবলৈ সক্ষম হয়।


অসমৰ লাভলীনা বৰগোহাঁয়ে ব্ৰঞ্জৰ পদকটো নিজে ডিঙিত পিন্ধি লৈ আনন্দিত অনুভৱ কৰে। আনন্দত আত্মহাৰা হৈ পৰা লাভলীনা বৰগোহাঁয়ে প্ৰথমখন অলিম্পিক গেমছত অংশ লৈ ব্ৰঞ্জৰ পদক লাভ কৰি এতিয়া সপোন দেখিছে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ স্বৰ্ণপদকৰ।

শেহতীয়া বাতৰি