உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Ind W vs Pak W: বেটে–বলে উজলি উঠিল দূৰন্ত তৰুণী, পাকিস্তানক বিধ্বস্ত কৰি বিশ্বকাপত অভিযান আৰম্ভ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে

    Ind W vs Pak W: বেটে–বলে উজলি উঠিল দূৰন্ত তৰুণী, পাকিস্তানক বিধ্বস্ত কৰি বিশ্বকাপত অভিযান আৰম্ভ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে

    লিঙত এটা সময়ত পৰাক্ৰম দেখুৱালেও বেট হাতত লৈ কোনোপধ্যেই মেচৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব নোৱাৰিলে পাকস্তানে।

    লিঙত এটা সময়ত পৰাক্ৰম দেখুৱালেও বেট হাতত লৈ কোনোপধ্যেই মেচৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব নোৱাৰিলে পাকস্তানে।

    লিঙত এটা সময়ত পৰাক্ৰম দেখুৱালেও বেট হাতত লৈ কোনোপধ্যেই মেচৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব নোৱাৰিলে পাকস্তানে।

    • Share this:
    দেওবাৰে পাকিস্তানক পৰাস্ত কৰি বিশ্বকাপত (Women's Cricket World Cup 2022) অভিযান আৰম্ভ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। বেটিং–বলিং দুয়োটাতে উজলি উঠিল ভাৰতীয় দল। বিশ্বকাপৰ (Women's Cricket World Cup 2022) ভাৰত বনাম পাকিস্তান (IND W vs PAK W)ৰ মাজৰ প্ৰথমখন মেচত ভাৰতে ১০৭ ৰানত জয়লাভ কৰে। পাকিস্তানে ৪৩ অভাৰত ১০টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। জয়ৰ বাবে পাকিস্তানৰ লক্ষ্য আছিল ২৪৫ ৰান।

    বলিঙত এটা সময়ত পৰাক্ৰম দেখুৱালেও বেট হাতত লৈ কোনোপধ্যেই মেচৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব নোৱাৰিলে পাকস্তানে। বলিঙত উজলি উঠে ভাৰতৰ ৰাজেশ্বৰী কায়কোৱাৰ। তাৰ উপৰি ঝুলন গোস্বামী, স্নেহ ৰানাই দুটাকৈ উইকেট লাভ কৰে।

    পাকিস্তানৰ হৈ সৰ্বোচ্চ ৰান সংগ্ৰহ কৰে সিদৰা আমিনে। তেওঁ ৩০ ৰান কৰি ঝুলন গোস্বামীৰ চিকাৰ হয়। তাৰ বাদে বাকীসকলে ২০ৰ ঘৰো অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল।

    পাকিস্তান মহিলা ক্ৰিকেট দলৰ অধিনায়ক বিছমা মাহৰুফ, তৰুণ আলিয়া ৰাজ, ফতিমা ছানাও ব্যৰ্থ হয়। ফলত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক বিধ্বস্ত কৰি বিশ্বকাপত অভিযান আৰম্ভ কৰিলে ভাৰতীয় মহিলা দলে।

    নিউজীলেণ্ডৰ মাউণ্ট মাউনগানুইত অনুষ্ঠিত হোৱা প্ৰথম খেলত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় অধিনায়ক মিতালী ৰাজে। অপেনিং কৰিবলৈ নামি আৰম্ভণি ভাল কৰে স্মৃতি মান্ধনাই (Smriti Mandhana)। স্মৃতি মান্ধনা আৰু দীপ্তি শৰ্মাৰ যুটীয়ে ৯২ ৰানৰ বৰণনি আগবঢ়ায়। স্মৃতি মান্ধনাই ৫২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দীপ্তিয়ে ৪০ ৰান সংগ্ৰহ কৰে।

    বেটিঙত ব্যৰ্থ হয় অধিনায়ক মিতালী ৰাজ আৰু হৰমনপ্ৰীত কৌৰ। মিতালীয়ে ৯ ৰান আৰু হৰমনপ্ৰীতে ৫ ৰান কৰে। কিন্তু সপ্তম উইকেটৰ জুটীত স্নেহ ৰানা আৰু পূজা ভাৎসাকৰৰ শতকীয় যুটীয়ে ভাৰত বনাম পাকিস্তানৰ মেচত ভাৰতক আগুৱাই লৈ যায়। স্নেহে ৪৮ বলত ৫৩ ৰান কৰে। আনহাতে, পূজাই ৫৯ বলত ৬৭ ৰান সংগ্ৰহ কৰে। স্নেহৰ বিশ্বকাপত এয়া প্ৰথম মেচ। পাকিস্তানৰ বিৰুদ্ধে এই প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে তেওঁ।

    সকলোৰে সহযোগিতাত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৪৪ ৰান সংগ্ৰহ কৰে ভাৰতে। পাকিস্তানক ২৪৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতীয় দলে।
    Published by:Sanjay Kumar Das
    First published: