দেওবাৰে পুৱা ভাৰত বনাম পাকিস্তানৰ মাজত ক্ৰিকেট মেচ। ভাৰতে আজিলৈকে বিশ্বকাপৰ ৫০ অভাৰৰ ফৰ্মেটত পাকিস্তানৰ হাতত পৰাস্ত হোৱা নাই। সেয়া মহিলা ক্ৰিকেটেই হওক বা পুৰুষেই হওক। দেওবাৰে মহিলা বিশ্বকাপ প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰি মিতালী ৰাজ এণ্ড কোম্পানীয়ে বেটিং আৰু বলিং দুয়োটা বিভাগতে আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছে। পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচত ভাৰতীয় দলে ১০৭ ৰানৰ ব্যৱধানত জয়লাভ কৰে। পাকিস্তানে ৪৩ অভাৰতে ১০ উইকেট হেৰুৱাই মাত্ৰ ১৩৭ ৰান সংগ্ৰহ কৰে।
পাকিস্তানৰ বিজয়ৰ লক্ষ্য আছিল ২৪৫৷ কিন্তু ভাৰতীয় দলৰ নিয়ন্ত্ৰিত বলিঙত পাকিস্তানী বেটচমেনে অধিপত্য বিস্তাৰ কৰিব নোৱাৰিলে। ৰাজেশ্বৰী গায়কৱাডে বলিঙত অত্যন্ত সফল হৈছে। লগতে, ঝুলন গোস্বামী, স্নেহ ৰাণাই ২টাকৈ উইকেট দখল কৰে।
অপেনাৰ চিদ্ৰা আমিনে পাকিস্তানৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে৷ তেওঁ ৩০ ৰাণৰ ইনিংছ খেলি ঝুলন গোস্বামীৰ বলত পেভিলয়নমুখী হয়। পাকিস্তানৰ অধিনায়ক বিস্মা মাহৰুফ, তৰুণ আলিয়া ৰাজ, ফাতিমা ছানাৰাও ব্যৰ্থ হয়।
ফলস্বৰূপে, ভাৰতীয় মহিলা দলে মহিলা ক্ৰিকেট বিশ্বকাপত চিৰ প্ৰতিদ্বন্দী পাকিস্তানক পৰাস্ত কৰি আৰম্ভ কৰে নিজৰ সফল অভিযান।
হাই ভল্টেজ মেচখনত স্মৃতি মান্ধানাই ভাল আৰম্ভণি কৰিছিল৷ কিন্তু মাৰ্কুইটত শ্বেফালী বাৰ্মা ব্যৰ্থ হয়।তাৰ পিছত স্মৃতি মান্ধানাই দীপ্তি শৰ্মাৰ সৈতে যুটিবান্ধি দলটোৰ স্ক'ৰ আগুৱাই নিবলৈ আৰম্ভ কৰিছিল৷ আৰু নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেট হেৰুৱাই ২৪৪ ৰান সংগ্ৰহ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|