মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »U19 Women T20 World Cup: শ্বেফালী বৰ্মাই ৰচিলে মহেন্দ্ৰ সিং ধোনীৰ দৰে ইতিহাস! ১৬ বছৰৰ পিছত সেই একেই সংযোগ

U19 Women T20 World Cup: শ্বেফালী বৰ্মাই ৰচিলে মহেন্দ্ৰ সিং ধোনীৰ দৰে ইতিহাস! ১৬ বছৰৰ পিছত সেই একেই সংযোগ

১৯ অনুৰ্ধ মহিলা টী-২০ বিশ্বকাপত ভাৰতীয় দলৰ জয়লাভ। প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই বিশ্বকাপত জয়লাভ কৰি ভাৰতীয় দলে ৰচিলে ইতিহাস।

১৯ অনুৰ্ধ মহিলা টী-২০ বিশ্বকাপত ভাৰতীয় দলৰ জয়লাভ। প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই বিশ্বকাপত জয়লাভ কৰি ভাৰতীয় দলে ৰচিলে ইতিহাস।

  • Share this:

১৬ বছৰ আগতে মহেন্দ্ৰ সিং ধোনীয়ে যি কৰিছিল, সেই একেই ইতিহাস পুনৰাবৃত্তি কৰিলে শ্বেফালী বৰ্মাই। ১৬ বছৰ আগতে ধোনীয়ে কি কৰিছিল? এই কথা কোনো ক্ৰিকেট অনুৰাগীয়ে মনত পেলাবলৈ বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নহ’ব। কাৰণ ১৬ বছৰ আগতে ২০০৭ চনত ধোনীয়ে কি কৰিছিল সেয়া সকলোৰে জ্ঞাত। তেওঁৰ অধিনায়কত্বত ভাৰতে প্ৰথমবাৰৰ বাবে টী-২০ বিশ্বকাপ চেম্পিয়ন হয় আৰু ১৯৮৩ চনৰ পিছত ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰে। ২৯ জানুৱাৰী অৰ্থাৎ আজি দেওবাৰে শ্বেফালী বৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ১৯ বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপত জয়লাভ কৰি ইতিহাস ৰচে।


দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈ থকা মহিলাৰ ১৯ বছৰ অনুৰ্ধ টী-২০ বিশ্বকাপৰ ফাইনেলখন দেওবাৰে পচেফষ্ট্ৰুমত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হয়। দুয়োটা দলে ইতিহাস সৃষ্টিৰ বাবে প্ৰাণপ্ৰণে চেষ্টা কৰিছিল। কাৰণ প্ৰথমবাৰৰ বাবে ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত হৈছে। ফাইনেলত জয়ী হোৱাৰ অৰ্থ এই শাখাৰ প্ৰথম বিশ্ব চেম্পিয়ন হোৱাটোও। এনে পৰিস্থিতিত শ্বেফালীয়েও হয়তো ধোনীৰ ইতিহাসটো পুনৰ ৰচিব বিচাৰিছিল।


শ্বেফালীৰ নেতৃত্বত ভাৰতীয় ১৯ বছৰ অনুৰ্ধ মহিলা দলে ফাইনেলত মাত্ৰ ৬৮ ৰাণ সংগ্ৰহ কৰা ইংলেণ্ডক সকলো উইকেট আউট কৰে। তাৰ পিছত ভাৰতে মাত্ৰ ৩টা উইকেট হেৰুৱাই নিজ লক্ষ্যত উপনীত হয়। যেতিয়া ভাৰতে খেলখনত জয়লাভ কৰে, তেতিয়াও ইনিংছত ৩৮টা বল বাকী আছিল। ইয়াৰ পৰা ভাৰতৰ আকৰ্ষণীয় জয়ৰ উমান পোৱা যায়।


২০০৭ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল টী-২০ বিশ্বকাপ
২০০৭ চনত প্ৰথমবাৰৰ বাবে পুৰুষৰ টী-২০ বিশ্বকাপ অনুষ্ঠিত হৈছিল। একেদৰে এইবাৰ প্ৰথমবাৰৰ বাবে টী-২০ ফৰ্মেটত আয়োজন কৰা হৈছে ১৯ অনুৰ্ধ মহিলাৰ বিশ্বকাপ। ইয়াৰ পূৰ্বে পুৰুষ ক্ৰিকেটত মাত্ৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ আছিল আৰু সেয়াও এদিনীয়া ফৰ্মেটত। ১৯ বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ প্ৰথমবাৰৰ বাবে এইবাৰ অনুষ্ঠিত হয়।


২০০৭ চনৰ টী-২০ বিশ্বকাপ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হয়। তাৰ পিছত ধোনীয়ে টীম ইণ্ডিয়াক চেম্পিয়ন কৰি তুলিলে। একে সময়তে এইবাৰ দক্ষিণ আফ্ৰিকাতো মহিলাৰ ১৯ বছৰ অনুৰ্ধ টী-২০ বিশ্বকাপৰ আয়োজন কৰা হৈছিল। কাকতলীয়াকৈ এইবাৰো ভাৰতেই জয়ী হয়।


২০০৭ চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কত্ব লয় ধোনীয়ে আৰু অধিনায়ক হিচাপে এইটোৱেই আছিল তেওঁৰ প্ৰথম বিশ্বকাপ আৰু প্ৰথমখন প্ৰতিযোগিতাতে ভাৰতক বিশ্ব চেম্পিয়ন হিচাপে গঢ়ি তোলাত তেওঁ সফল হৈছিল। শ্বেফালীয়েও প্ৰথমবাৰৰ বাবে ভাৰতৰ অধিনায়কত্ব কৰিছিল আৰু সেয়াও বিশ্বকাপত। এনে পৰিস্থিতিত ধোনীৰ এই কৃতিত্ব তেওঁৰ পৰা আশা কৰা হৈছিল, যিটো তেওঁ পূৰণ কৰিবলৈ সক্ষম হৈছে।

শেহতীয়া বাতৰি