বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেলত পৰাজয়ৰ পিছতে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলি আৰু উপ–অধিনায়ক ৰোহিত শৰ্মাৰ মাজত মতভেদৰ প্ৰসংগটোৱে চৰ্চা লাভ কৰিছে। বিশ্বকাপৰ পিছত আজি প্ৰথমবাৰ খেলপথাৰত নামিব টীম ইণ্ডিয়া। ফ্লৰিডাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি–২০ মেচত যুঁজ দিব ভাৰতে আৰু আজিৰ মেচখনত সকলোৱে দৃষ্টি নিবদ্ধ থাকিব বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ ওপৰত। কিয়নো আজিৰ মেচত টি–২০ মেচৰ এক বৃহৎ অভিলেখ নিজৰ নামত কৰাৰ যুঁজ হ’ব বিৰাট আৰু ৰোহিতৰ মাজত।
ক্ৰিকেটৰ সবাতোকৈ সৰু ফৰ্মেটত সকলোতকৈ অধিকবাৰ অৰ্ধশতক বা তাতোকৈ অধিক ৰান সংগ্ৰহকাৰীৰ শীৰ্ষত আছে দুয়োগৰাকী বেটছমেন। ২০–২০বাৰকৈ ইয়াৰ অধিকাৰী হৈছে দুয়োগৰাকী। ইয়াৰ পিছতে তৃতীয় স্থানত আছে মাৰ্টিন গুপ্তিল।
টি–২০ মেচত ৬৭ মেচৰ ৬২টা ইনিংছত বেটিং কৰি ২০টা অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলিয়ে। বিপৰীতে ৰোহিত শৰ্মাই ৯৪ মেচৰ ৮৬টা ইনিংছত বেটিং কৰি ৪টা শতক, ১৬টা অৰ্ধশতক একেৰাহে ২০বাৰ ৫০ৰো অধিক ৰান সংগ্ৰহ কৰিছে। টি–২০ত বিৰাট কোহলিৰ সৰ্বাধিক স্কৰ হ’ল অপৰাজিত ৯০ ৰান। সমান্তৰালভাৱে ৰোহিত শৰ্মাৰ সৰ্বাধিক স্কৰ ১১৮ ৰান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|