১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ পিছত পুনৰ অপেন কৰা দেখা গ’ল ঋষভ পন্তক। কিন্তু ভাৰতীয় দলৰ মেনেজমেণ্টৰ এই সিদ্ধান্তৰ কাৰণ কি! কে এল ৰাহুলে ৰান নোপোৱাৰ বাবে তেওঁৰ স্থান সলনি কৰা হ’ল নেকি! নে আন পৰিকল্পনা সজোৱা হৈছিল!
ভাৰতৰ অ’ডিআই দলৰ নিয়মিত অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ এয়া প্ৰথম এছাইনমেণ্ট। কিন্তু প্ৰথম এছাইনমেণ্টৰ দ্বিতীয় মেচ ভালদৰে পাৰ নহ’ল। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৰান নাপালে হিটমেনে। আনগৰাকী অপেনাৰ পন্তেও কৰিলে মাত্ৰ ১৮। আৰু আটাইতকৈ চিন্তাৰ বিষয়টো হ’ল বিৰাট কোহলীৰ ফৰ্ম। আজিও কোহলীয়ে কৰিলে মাত্ৰ ১৮ ৰান।
বহুদিন ধৰি কে এল ৰাহুলৰ দলত থকাক লৈ প্ৰশ্ন উঠিছে। কিন্তু সকলোৰে মুখ সাময়িকভাৱে বন্ধ কৰিলৈ সক্ষম হ’ল ৰাহুলে। ৪৮ ৰান সংগ্ৰহ কৰি ৰান আউট হয় কে এল ৰাহুল। সূৰ্য কুমাৰ যাদৱৰ সৈতে বুজাবুজিৰ অভাৱত ৰান নহ’লে হয়তো ডাঙৰ ইনিংছ খেলিব পাৰিলেহেঁতেন তেওঁ। কিন্তু আৰম্ভণিৰে পৰা ৰান ৰেট শ্ল’ আছিল ভাৰতৰ। ফলত ২০০ৰ ঘৰ অতিক্ৰম কৰিবলৈ যুঁজ দিবলগীয়া হয় টীম ইণ্ডিয়াই।
সূৰ্যকুমাৰ যাদৱক টি২০ স্পেচিয়েলিষ্ট বোলা হয়। অৱশ্যে তেওঁ প্ৰমাণ কৰিলে, সুযোগ পালে যিকোনো স্থানত খেলিব পাৰে। ৫ নম্বৰত বেটিং কৰিবলৈ আহি ৬৪ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে তেওঁ। শেষত ভাৰতীয় দলৰ স্ক’ৰ হয়গৈ ২৩৭ ৰান।
অৰ্থাৎ আজি যিহেতু ৰান কম, সেয়ে বলাৰৰ হাতত গুৰু দায়িত্ব। ভাৰতৰ বাবে অৱশ্যে এটা ভাল খবৰ যে এই মেচখনত খেলা নাই কায়ৰান পোলাৰ্ডে। কিন্তু পোলাৰ্ডৰ অনুপস্থিতিত ভাৰতীয় দলে কিদৰে সুবিধা ল’ব পাৰে সেয়া সময়ে ক’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|